নিৰাপত্তাৰক্ষীৰ গুলীত মাওবাদীৰ শীৰ্ষ নেতা নিহত, প্ৰায় ১৮ জনৰ মৃতদেহ উদ্ধাৰ

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ১৯ এপ্ৰিলত আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন

author-image
Asomiya Pratidin
New Update
নিৰাপত্তাৰক্ষীৰ গুলীত মাওবাদীৰ শীৰ্ষ নেতা নিহত, প্ৰায় ১৮ জনৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ১৯ এপ্ৰিলত আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ইয়াৰ পূৰ্বে মঙলবাৰে চত্তীশগড়ৰ কাংকেৰত নিৰাপত্তীৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হয়।

Advertisment

দুয়োটা ফৈদৰ মাজত হোৱা গুলীয়াগুলীত তিনিজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। ছোতে বাঠিয়া থানা ক্ষেত্ৰৰ অন্তৰ্গত মাড় অঞ্চলত এতিয়াও গুলীয়াগুলী অব্যাহত আছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে মাওবাদী কমাণ্ড শংকৰ ৰাও এই সংঘৰ্ষত নিহত হয়। ইয়াৰ লগতে ১৮ জন মাওবাদীৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে। ইয়াৰ লগতে বৃহত পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে । বিএছএফ আৰু ডিআৰজিয়ে যুটীয়াভাৱে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল।

উল্লেখ্য যে, মাওবাদীৰ প্ৰভাৱৰ ক্ষেত্ৰত চত্তীশগড় দ্বিতীয় স্থানত আছে। গৃহ মন্ত্ৰালয়ৰ মতে চত্তীশগড়ৰ ১৪ খন জিলা- বলৰামপুৰ, বস্তাৰ, বিজাপুৰ, দান্তেৱাড়া, ধামতাৰী, গৰিয়াবান্দ, কাঙ্কেৰ, কোন্দেগাওঁ, মহাসমুণ্ড, নাৰায়ণপুৰ, ৰাজনন্দগাঁও, চুকমা, কবিৰধাম আৰু মুংগেলী মাওবাদী প্ৰভাৱিত।

২৬ এপ্ৰিলত কাংকেৰত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। চত্তীশগড়ৰ ৰায়পুৰ আৰু জগদলপুৰৰ মাজত অৱস্থিত কাংকেৰ লোকসভা ক্ষেত্ৰত ৮ খন বিধানসভা আসন আছে। যাৰ ভিতৰত ৬ খন অনুসূচিত জনজাতিৰ বাবে।

Also Read: কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে এইবাৰহে ভোট দিব কংগ্ৰেছৰ চিনত, আগতে বিজেপি আছিলঃ হিমন্ত বিশ্ব

Naxalite