কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে এইবাৰহে ভোট দিব কংগ্ৰেছৰ চিনত, আগতে বিজেপি আছিলঃ হিমন্ত বিশ্ব

 কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে এইবাৰহে ভোট দিব কংগ্ৰেছৰ চিনত, আগতে বিজেপি আছিলঃ হিমন্ত বিশ্ব

ডিজিটেল সংবাদ, ছয়দুৱাৰ: বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মঙলবাৰে বিহালী বিধান সমষ্টিৰ ব্ৰহ্মাজান চাহ বাগিচাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ বিৰূদ্ধে কেতবোৰ মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ আগত কয় যে জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰেমলাল গঞ্জুৱে আগৰ সময় বোৰত বিহালীৰ বিধায়ক তথা শোণিতপুৰ লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তকহে সহায় কৰি আহিছিল।

লগতে কয়, এইবাৰ তেওঁ ৰঞ্জিত দত্তৰ প্ৰতিদ্বন্দ্বী যেতিয়া এইবাৰহে তেওঁ প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ চিনত ভোট দিব। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ মতে আগৰ কোনো এটা নিৰ্বাচনতে কংগ্ৰেছৰ চিনত ভোট দিয়া নাছিল প্ৰেমলাল গঞ্জুৱে।যিহেতু তেওঁ ভিতৰুৱাকৈ সহায় কৰি আহিছিল ৰঞ্জিত দত্তক।

ইপিনে লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ এটা ভিডিঅ' তেওঁলৈ কোনোবাই হোৱাটছ এপ যোগে পঠোৱা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে ভিডিঅ'টো চাব নোৱাৰি তেওঁ তেনেকৈয়ে থৈ দিছে। ভিডিঅ'টো সঁচা নে মিছা চালেহে কব পাৰিম বুলি তেওঁ উল্লেখ কৰি কয় যে ঘৰত বাসন্তী পূজা চলি থকাৰ কাৰণে তেনেধৰণৰ ভিডিঅ' তেওঁ এতিয়া নাচায়।লোকসভা নিৰ্বাচনৰ পিছত অসমৰ মন্ত্ৰী সভাই নতুন ৰূপ পাব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।

 কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে এইবাৰহে ভোট দিব কংগ্ৰেছৰ চিনত, আগতে বিজেপি আছিলঃ হিমন্ত বিশ্ব
মণিপুৰত পুনৰ গুলীচালনাঃ কুকি উগ্ৰপন্থীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ট্ৰাক চালক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in