প্ৰেমিকাৰ বিয়াত উপহাৰ দিলে বিস্ফোৰক সামগ্ৰী, দৰাৰ লগতে আন এজনৰ মৃত্যু...

প্ৰেমিকাৰ বিয়া হোৱাৰ বাবেই প্ৰেমিকে সংঘটিত কৰিলে হত্যাৰ দৰে জঘন্য ঘটনা।

author-image
Asomiya Pratidin
New Update
প্ৰেমিকাৰ বিয়াত উপহাৰ দিলে বিস্ফোৰক সামগ্ৰী, দৰাৰ লগতে আন এজনৰ মৃত্যু...

ডিজিটেল ডেস্কঃ প্ৰেমিকাৰ বিয়া হোৱাৰ বাবেই প্ৰেমিকে সংঘটিত কৰিলে হত্যাৰ দৰে জঘন্য ঘটনা। ছত্তীশগড়ৰ কৱৰ্ধা পৰা পোহৰলৈ আহিছে এই ঘটনা। জানিব পৰা মতে প্ৰেমিকাৰ অন্য যুৱকৰ সৈতে বিয়া হোৱাৰ বাবে ক্ষোভিত আছিল প্ৰেমিক।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি সুৰয নামৰ যুৱকজনে প্ৰেমিকাৰ বিয়াত বিস্ফোৰক সামগ্ৰীসহিত এটা হোমথিয়েটাৰ উপহাৰ দিছিল। বিয়াৰ পাছত যেতিয়া প্ৰেমিকাৰ স্বামীয়ে যেতিয়া সেইটো বজাবলৈ চেষ্টা কৰে তেতিয়াই বিস্ফোৰণ হৈ দুজনকৈ লোকৰ মৃত্যু হয়। এই ঘটনাটোত প্ৰেমিকাৰ স্বামীৰ লগতে স্বামীৰ ভাতৃৰ মৃত্যু হয়।

ঘটনাৰ পাছতেই আৰক্ষীয়ে তদন্ত কৰি সুৰযক গ্ৰেপ্তাৰ কৰে। তেওঁ ইতিমধ্যে এই কাম সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে জনাই যে বিয়াখন ৩০ মাৰ্চত অনুষ্ঠিত হৈছিল। আৰু বিবাহত উপহাৰ পোৱা সামগ্ৰী সমূহ সোমবাৰে(৩ এপ্ৰিল) খুলি চাইছিল দৰাৰ পৰিয়ালে।

হেমেন্দ্ৰ মাৰৱী আৰু তেওঁৰ ভাতৃৰ মৃত্যুৰ লগতে এই ঘটনাত কেইবাজন লোক আহত হয়। বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: ফেচবুকত লাইভ আহি যুৱকে গ্ৰহণ কৰিলে চৰম পন্থা...

crime