ভূপেশ বাঘেলৰ দাবী ছত্তিশগড়ত কমিছে মাওবাদী কাৰ্যকলাপঃ ২৩ বছৰৰ পাছত কাৰিগুণ্ডামত ভোটগ্ৰহণ...

ভূপেশ বাঘেলৰ দাবী ছত্তিশগড়ত কমিছে মাওবাদী কাৰ্যকলাপঃ ২৩ বছৰৰ পাছত কাৰিগুণ্ডামত ভোটগ্ৰহণ...

author-image
Asomiya Pratidin
New Update
ভূপেশ বাঘেলৰ দাবী ছত্তিশগড়ত কমিছে মাওবাদী কাৰ্যকলাপঃ ২৩ বছৰৰ পাছত কাৰিগুণ্ডামত ভোটগ্ৰহণ...

ভূপেশ বাঘেলৰ দাবী ছত্তিশগড়ত কমিছে মাওবাদী কাৰ্যকলাপঃ ২৩ বছৰৰ পাছত কাৰিগুণ্ডামত ভোটগ্ৰহণ...

ডিজিটেল ডেস্কঃ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ মতে ছত্তিশগড়ত পূৰ্বতকৈ বহু হ্ৰাস পাইছে মাওবাদী কাৰ্যকলাপ। কংগ্ৰেছৰ ৫ বছৰীয়া কাৰ্যকলাপত নক্সালবাদ যথেষ্ট পিছুৱাই গৈছে। ফলত গ্ৰামাঞ্চলৰ ভিতৰত ভোটকেন্দ্ৰ স্থাপন কৰিব পৰা গৈছে। গ্ৰামাঞ্চলৰ লোকসকলে নিজৰ গাঁৱতে ভোটাধিকাৰ সাব্যস্ত কৰিব।

মঙ্গলবাৰে ভোটগ্ৰহণৰ মাজতে এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে নক্সাল প্ৰভাৱিত অঞ্চলসমূহত ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। ইফালে ৰাজ্যখনৰ নক্সাল অধ্যুষিত কাৰিগুণ্ডাম অঞ্চলত সুদীৰ্ঘ ২৩ বছৰৰ পাছত আজি অনুষ্ঠিত হৈছে নিৰ্বাচনৰ ভোটগ্ৰহণ। এই অঞ্চলটো আছে দান্তেৱাড়া সমষ্টিত। এই সমষ্টিটো এছ টিৰ বাবে সংৰক্ষিত।

চি আৰ পি এফৰ ১৫০ বেটেলিয়ন আৰু আৰক্ষীৰ সুৰক্ষা বেষ্টনিৰ মাজত পুৱাৰে পৰা আৰম্ভ হোৱা ভোটগ্ৰহণত জনতাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি থিয় হোৱা দেখিবলৈ পোৱা গৈছে।

ৰাজ্যখনত যদিও নক্সালবাদীৰ কাৰ্যকালপ হ্ৰাস পাইছে বুলি ভূপেশ বাঘেলে উল্লেখ কৰিছে তথাপিও আজি ভোটগ্ৰহণৰ সময়ত আৰু সোমবাৰে ভোটগ্ৰহণৰ বাবে যোৱাৰ সময়ত সংঘটিত হৈছে দুটাকৈ আই ই ডি বিস্ফোৰণ।

নক্সাল অধ্যুষিত ছুকমা জিলাৰ টোন্দামাৰ্কাত আজি এক আই ই ডি বিস্ফোৰণ হয়। এই বিস্ফোৰণত চি আৰ পি এফ কোব্ৰা কামাণ্ডোৰ এগৰাকী জোৱান আহত হৈছে।

জানিব পৰা মতে ভোটগ্ৰহণৰ সময়ছোৱাত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ টোন্দামাৰ্কা শিবিৰৰ পৰা এলমাগুণ্ডাৰ দিশে চি আৰ পি এফ আৰু কোব্ৰা কামাণ্ডোৰ ২০৬ নং বেটেলিয়নৰ এটা যুটীয়া দলে তহল দিবলৈ গৈছিল। সেই সময়তে এই বিস্ফোৰণ সংঘটিত হয়।

পেট্ৰলিঙৰ সময়ত সংঘটিত হোৱা এই বিস্ফোৰণত ২০৬ নং কোব্ৰা কামাণ্ডো বেটেলিয়নৰ ইন্সপেক্টৰ শ্ৰীকান্ত আঘাতপ্ৰাপ্ত হয়। উল্লেখ্যযোগ্য, এই অঞ্চলটো কোণ্টা বিধানসভা সমষ্টিৰ অন্তৰ্গত। যি নক্সাল অধ্যুষিত অঞ্চলৰো এটা ইফালে আজি মাওবাদীয়ে নিৰ্বাচন বৰ্জনৰো আহ্বান জনাইছিল।

সোমবাৰে নিশা কাংকেৰ জিলাত সংঘটিত হৈছিল আন এক বিস্ফোৰণ। ভোট গ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। সন্দেহ কৰা অনুসৰি এই বিস্ফোৰণৰ সৈতে জড়িত আছে মাওবাদী। এই ঘটনাত এজন সুৰক্ষা কৰ্মী আৰু দুজন নিৰ্বাচনী বিষয়াৰ সৈতে মুঠ ৩ জন লোক আহত হৈছে।

আজি ৰাজ্যখনত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ২০ সমষ্টিৰ ১২ টায়েই মাওবাদী অধ্যুষিত অঞ্চলৰ। যাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ভোটগ্ৰহণৰ সময়ছোৱাত হেলকিপ্টাৰ আৰু দ্ৰোণেৰে পৰ্যবেক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Also Read: LIVE UPDATES: বিক্ষিপ্ত ঘটনাৰ মাজতে ছত্তিশগড়ত ৩ বজালৈ প্ৰায় ৬০ শতাংশ ভোটদান..

ছত্তিশগড়