/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/218da80d-eb92-4c56-ab2b-bd8ab876fa0f/uu.jpg)
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডৰ পুষ্কৰ সিং ধামী চৰকাৰে চাৰি ধামৰ যাত্ৰী সকলৰ বাবে আনিছে বিশেষ নিয়ম। ইয়াৰ অধীনত আন ৰাজ্য বা বিদেশৰ পৰা অহা প্ৰতিজন তীৰ্থযাত্ৰীৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া বাধ্যতামূলক কৰা হৈছে।আদেশত হৈছে যে পঞ্জীয়ন অবিহনে কাকো ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া নহ'ব।
এই সন্দৰ্ভত উত্তৰাখণ্ড চৰকাৰে ৰাজ্যৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্য খনৰ মুখ্য সচিব এছ এছ সান্ধুৱে কয় যে এইবাৰ চাৰিধামৰ যাত্ৰী পূৰ্বতকৈ অধিক হোৱাৰ সম্ভাৱণা আছে। যাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
তেওঁ কয় যে ইতিমধ্যে এই সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। চাৰি ধাম যাত্ৰা চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব।
ইয়াৰো পৰি উত্তৰাখণ্ড চৰকাৰে সকলো ভাষাৰ বাতৰি কাকতত বিজ্ঞাপনৰ জৰিয়তে প্ৰতিখন ৰাজ্যতে এই বিষয়ে প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে। এই বিজ্ঞাপনত বিশেষ নিয়মো থাকিব। লগতে এয়াও লক্ষ্য ৰখা হ'ব যে যাতে সকলোৱে ভালদৰে চাৰি ধাম যাত্ৰা কৰিব পাৰে।
ইয়াৰোপৰি বিভাগৰ সকলো বিষয়াক সতৰ্ক হৈ থাকিবলৈ আৰু আগতীয়াকৈ ভ্ৰমণৰ পূৰ্বপ্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। বৰ্ডাৰ ৰোড অৰ্গেনাইজেচনৰ এটা দলে বদ্ৰীনাথ যাত্ৰা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নিয়মীয়াকৈ যোশীমঠ ভ্ৰমণ কৰিব।
তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বিষয়টোৰ গুৰুত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, "উত্তৰাখণ্ডৰ চাৰি ধাম ভক্তসকলৰ বাবে ধৰ্মীয় বিশ্বাসৰ এক মুখ্য কেন্দ্ৰ। সকলো ভক্তৰ যাত্ৰা সুৰক্ষিতভাৱে সম্পূৰ্ণ হোৱা নিশ্চিত কৰাটো আমাৰ সকলোৰে দায়িত্ব।
Also Read: উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ