উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

এতিয়া সকলোতে কেৱল অপৰাধৰ খবৰ। কেতিয়াও ভাবিব নোৱাৰা কিছুমান ঘটনা সংঘটিত হৈ আছে দেশত। একাংশ ন্যায় ৰক্ষকো যেন অপৰাধীৰ শাৰীত সোমাই পৰে।

author-image
Asomiya Pratidin
New Update
উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ডিজিটেল ডেস্ক: এতিয়া সকলোতে কেৱল অপৰাধৰ খবৰ। কেতিয়াও ভাবিব নোৱাৰা কিছুমান ঘটনা সংঘটিত হৈ আছে দেশত। একাংশ ন্যায় ৰক্ষকো যেন অপৰাধীৰ শাৰীত সোমাই পৰে।

Advertisment

ইয়াৰ মাজতে উচ্চ ন্যায়ালয়ৰ এজন ন্যায়ধীশৰ ওপৰত উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এছ এন শুক্লা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।

চিবিআইৰ মতে শুক্লা আৰু তেওঁৰ পত্নী আয়তকৈ অধিক সম্পত্তিৰ মালিক। প্ৰায় ২.৪৫ কোটি টকাৰ সম্পত্তি উপাৰ্জনতকৈ অধিক সংগ্ৰহ কৰিছে বুলি অভিযোগ কৰা হৈছে।

প্ৰাক্তন ন্যায়াধীশজনৰ বিৰুদ্ধে দুৰ্নীতিৰ এইটো দ্বিতীয় গোচৰ। ন্যায়াধীশ এছ এন শুক্লাই ২০২০ চনৰ জুলাইত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৯ চনৰ ৪ ডিচেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ এছ এন শুক্লাৰ লগতে ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আই এম কুদ্দুচি আৰু আন চাৰিজনৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছিল চিবিআইয়ে। অভিযোগ অনুসৰি লক্ষ্ণৌস্থিত চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁলোকে ধন লৈছিল।

Also Read: নগাঁৱত তিলক চন্দ্ৰ মজুমদাৰক 'গল্প সৌৰভ যতীন বৰা সাহিত্য বঁটা' প্ৰদান

cbi high court