''আজি নতুবা কালিলৈ সত্যৰ জয় হ'বই''

'আজি নতুবা কালিলৈ সত্যৰ জয় হ'বই'
'আজি নতুবা কালিলৈ সত্যৰ জয় হ'বই'

তুষাৰ প্ৰতিম

তেওঁৰ লগত অন্যায় হৈছিল ! সামাজিক মাধ্যমত আজি বহুতেই এইদৰে মন্তব্য কৰিছে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক অপৰাধমূলক মানহানিৰ গোচৰত চুৰাটৰ এখন মেজিষ্ট্ৰেট আদালতে দোষী সাব্যস্ত কৰাৰ ২৪ ঘণ্টা সম্পূৰ্ণ নৌহওঁতেই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি বিতৰ্কৰ সূচনা কৰিছিল।

তেওঁৰ ওপৰত গ্ৰহণ কৰা এই কঠোৰ সিদ্ধান্তৰ বাবেই যোৱা সময়ছোৱাত সংসদৰ এখন পূৰ্ণাংগ অধিৱেশন আৰু বৰ্ষাকালীন অধিৱেশনৰ কেইটামান দিনত সংসদত উপস্থিত থকাৰ পৰা বিৰত থাকিবলগীয়া হ'ল। অৱশেষত আজি ন্যায়ালয়ৰ ৰায় আহিল।

আৰু এতিয়া হাতত ন্যায়ালয়ৰ সেই ৰায়ৰ প্ৰতিলিপি লৈ ৰাহুল গান্ধী যাবলৈ সাজু হৈছে লোকসভাৰ সচিবালয়লৈ। লোকসভাৰ সচিবলায়ত গৈ ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিলিপি দেখুৱাই পুনৰ কাঢ়ি আনিব নিজৰ সাংসদৰ পদ। ন উদ্যমেৰে সাজু হৈছে কংগ্ৰেছো।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়, এক ঐতিহাসিক ৰায়। ৰাহুল গান্ধীৰ বিৰুদ্ধে নিম্ন আৰু উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ বিপৰীতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে তাৰ বিপৰীত স্থিতি গ্ৰহণ কৰি এক বাৰ্তা প্ৰেৰণ কৰিলে। ন্যায়ালয় কেতিয়াও শাসক গোষ্ঠীৰ আঙুলিৰ ইচাৰাত নাচা পুতলা নহয়।

ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তনৰ এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। ৰাজনৈতিক ভাৱে এই সময়ছোৱাত দেশত যিবোৰ ঘটনাৰাজি সংঘটিত হৈ আছে এই ঘটনাৰাজিয়ে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে সামাজিক পৰিস্থিতিও উত্তপ্ত কৰি ৰাখিছে।

আজিৰ তাৰিখত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী মোডীৰ শক্তিশালী বিকল্প হৈ উঠা নাই যদিও ৰাহুল গান্ধীৰ সংসদত উপস্থিতিয়ে যে শাসকীয় দলক চিন্তিত কৰি তোলে সেই কথা প্ৰমাণিত হৈছে। মণিপুৰ প্ৰসংগত সংসদ উত্তাল হৈ আছে।

মণিপুৰ বিষয়ত প্ৰধানমন্ত্ৰীৰ বিবৃতি বিচাৰি উপায়ন্তৰ হৈ বিৰোধীয়ে শেষ অস্ত্ৰ হিচাপে আনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে। যদিও এই আনাস্থা প্ৰস্তাৱে শাসকীয় পক্ষক ক্ষতি নকৰে তথাপিও এই প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিততে এতিয়া সংসদত ভাষণ ৰাখিবলৈ বাধ্য প্ৰধানমন্ত্ৰী মোডী।

INDIA গোটৰ প্ৰতিনিধিয়ে অশান্ত মণিপুৰ ভ্ৰমণ কৰাৰ বহু পূৰ্বেই ৰাহুল গান্ধীয়ে অকলেই মণিপুৰ ভ্ৰমণ কৰি সম্পূৰ্ণ পৰিস্থিতি নিজেই পৰ্যবেক্ষণ কৰিছে। গতিকে সংসদত মণিপুৰ প্ৰসংগত যে, ৰাহুল গান্ধী এতিয়া অধিক শক্তিশালী কণ্ঠ হৈ পৰিব সেয়া প্ৰায় নিশ্চিত।

ইফালে মণিপুৰৰ দৰেই হাৰিয়ানাটো অব্যাহত আছে গোষ্ঠীগত সংঘৰ্ষ। উত্তৰ প্ৰদেশত অহৰহ গোষ্ঠীগত সংঘৰ্ষৰ অপচেষ্টা চলি আছে। এই বিষয়বোৰ বলিষ্ঠভাৱে এতিয়াও সংসদত উত্থাপন হোৱা নাই।

যদিও ৰাহুল গান্ধীক এতিয়াও INDIA গোটৰ নেতা হিচাপে প্ৰক্ষেপ কৰা হোৱা নাই তথাপিও ৰাহুল গান্ধীৰ শেহতীয়া ভূমিকা কিন্তু চকুত লগা। ২৬ টাকৈ ৰাজনৈতিক দলক একত্ৰিত কৰাৰ লগতে ইণ্ডিয়া গোট গঠন কৰাত ৰাহুল গান্ধীয়ে যি ৰণকৌশল তৈয়াৰ কৰিলে সেয়া শাসকীয় বিজেপি পক্ষৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে।

এৰা ধৰাৰ নীতি গ্ৰহণ কৰিছে কংগ্ৰেছে। ৰাহুল গান্ধীৰ কৌশল অনুসৰিয়েই INDIA গোটত বিগব্ৰাডাৰৰ ভূমিকা গ্ৰহণ কৰিব বিচৰা নাই কংগ্ৰেছে। ইউ পি এত যিদৰে কংগ্ৰেছেই সৰ্বেসৰ্বা আছিল INDIAক তেনেদৰে গঠন কৰা হোৱা নাই।

শক্তিশালী আঞ্চলিক দলক ইয়াত অধিক গুৰুত্ব প্ৰদান কৰিছে। আম আদমী পাৰ্টিৰ দৰে কংগ্ৰেছ বিৰোধী ভূমিকা লোৱা ৰাজনৈতিক দলকো এই মঞ্চখনলৈ আনিবলৈ সক্ষম হৈছে। ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে যিদৰে সৰ্বশক্তি প্ৰয়োগ কৰিছে তাতেই অনুমান কৰিব পাৰি প্ৰকৃততে ৰাহুল গান্ধীৰ ৰাজনৈতিক স্থিতি আজিৰ তাৰিখত কিমান প্ৰাসংগিক।

সংসদলৈ কেতিয়া আহিব ৰাহুল গান্ধী

ৰাহুল গান্ধীক গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আৱেদন কৰি প্ৰাথমিক সফলতা লাভ কৰিছে যদিও সকলোৱে ভবাৰ ধৰণে অৱশ্যে কথাবোৰ ইমানো সহজ নহয়। আজি ন্যায়ালয়ে দিয়া ৰায়ৰ পাছতেই কালিলৈ ৰাহুল গান্ধী গৈ সংসদৰ আসনত গৈ বহিব পৰা অৱস্থা এতিয়াও অহা নাই।

যিহেতু এই মুহূৰ্তত বিজেপিৰ স্থিতি বৰ শক্তিশালী নহয়, মণিপুৰ প্ৰসংগত সংসদত শলঠেকত পৰিছে গতিকে অতি সহজেই যে তেওঁ সংসদলৈ উভতিব পাৰিব তাত কোনো নিশ্চয়তা নাই। কিয়নো এগৰাকী সাংসদৰ সাংসদ পদ কৰ্তন কৰাৰ পাছত পুনৰ কেতিয়া ঘূৰাই পাব তাৰ কোনো নিৰ্দিষ্ট সময় সীমা নাই।

লোকসভাৰ অধ্যক্ষৰ ওপৰতেই সকলো নিৰ্ভৰ কৰিব। মহম্মদ ফৈজল নামৰ এজন সাংসদৰ সংসদ পদ কৰ্তন কৰাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতিয়ে এই কথাৰ প্ৰমাণ দাঙি ধৰে। উচ্চতম ন্যায়ালয়ত দোষমুক্ত হোৱাৰ পাছতো মহম্মদ ফৈজলে বাৰম্বাৰ অনুৰোধ কৰিও ঘূৰাই পোৱা নাছিল সাংসদ পদ।

উপায়ন্তৰ হৈ তেওঁ পুনৰ সাংসদ পদ ঘূৰাই বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলগীয়া হৈছিল। তাৰ পাছতহে তেওঁৰ সাংসদ পদ ঘূৰাই পাইছিল। সাধাৰণ এগৰাকী সাংসদৰ ক্ষেত্ৰত গ্ৰহণ কৰা এনে স্থিতিয়ে ৰাহুল গান্ধীৰ সৈতে কেনে স্থিতি গ্ৰহণ কৰিব তাৰ এক ইংগিত প্ৰদান কৰে।

কাৰণ যিগৰাকী লোকসভাৰ অধ্যক্ষৰ ওচৰত পুনৰ সাংসদ পদ ঘূৰাই বিচাৰিছে সেই একেগৰাৰী অধ্যক্ষই ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ ২৪ ঘণ্টা নৌহওতেই সাংসদ পদ খাৰিজ কৰিছিল। গতিকে দেশৰ বৰ্তমানৰ ৰাজনৈতিক, সামাজিক পৰিস্থিতিয়ে ৰাহুল গান্ধীৰ সংসদলৈ ঘূৰি যোৱাৰ পথ যে এতিয়াও কঠিন হৈ আছে তাৰ ইংগিত বহন কৰে।

ইফালে নিম্ন আদালতে প্ৰদান কৰা ৰায়ৰ সময়ত ৰাহুল গান্ধীয়ে এক স্থিতি লৈছিল। সেই সময়ত শাসকীয় বিজেপি নেতা, মন্ত্ৰীয়ে ৰাহুল গান্ধীক প্ৰৰোচিত কৰি কৈছিল যে ইয়াৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে উচ্চ ন্যায়ালয়ত আৱেদন কৰক।

প্ৰথম সময়ছোৱাত ৰাহুল গান্ধীৰ স্থিতি আছিল সাংসদ পদ খাৰিজ হ'লেও, দুবছৰ জে'ললে যাবলগীয়া হ'লেও তেওঁ এই ৰায়ৰ বিৰুদ্ধে ন্যায়ালয়ত আৱেদন নকৰে। বহুতেই ৰাহুল গান্ধীৰ সেয়াই সঠিক সিদ্ধান্ত আছিল বুলি দাবী কৰিব বিচাৰে।

কিয়নো ৰাহুল গান্ধীৰ তেনে সিদ্ধান্তই জনতাৰ মাজত তেওঁৰ গ্ৰহণযোগ্যতাক অধিক শক্তিশালী কৰি তোলাৰ সম্ভাৱনাই অধিক আছিল। কিন্তু তাকে নকৰি পৰৱৰ্তী সময়ত নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয় আৰু শেষত উচ্চতম ন্যায়ালয়ত আৱেদন কৰি তেওঁৰ বিৰুদ্ধে দিয়া ৰায়ৰ স্থগিতাদেশ অৰ্জন কৰিলে যদিও তেওঁৰ সপক্ষে গঢ়ি উঠা জনমত শক্তিশালী হৈ উঠাৰ পূৰ্বেই যেন স্তব্ধ হৈ পৰিল।

কংগ্ৰেছে ক'লে আমাৰ নেতাক সংসদলৈ আহিবলৈ দিয়ক, এয়া আমাৰ দাবী

অৱশ্যে কংগ্ৰেছৰ লোকসভাৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ওম বিৰলাক সাক্ষাৎ কৰি ৰাহুল গান্ধীৰ সাংসদ পদ শীঘ্ৰেই ঘূৰাই দিয়াৰ দাবী কৰিছে। তেওঁ সংসদত অধ্যক্ষৰ দায়িত্বত থকা ৰাজেন্দ্ৰ আগৰৱালাক কয়, আমাৰ নেতা ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছে। তেওঁক সংসদলৈ আহিবলৈ দিয়া উচিত। এয়া আমাৰ দাবী।

আন আন কংগ্ৰেছ নেতাৰো একেই দাবী। উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীৰ এই সাময়িক বিজয়ৰ পাছতেই তেওঁৰ ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কৈছে তিনিটা বস্তু বেছি দিন লুকুৱাব নোৱাৰি : সূৰ্য, চন্দ্ৰ আৰু সত্য । সত্যমেৱ জয়তে ।"

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে আকৌ কৈছে- উচ্চতম ন্যায়ালয়ৰ ৰায় সত্য আৰু ন্যায়ৰ এক শক্তিশালী প্ৰতিশ্ৰুতি । বিজেপি যন্ত্ৰৰ অক্লান্ত প্ৰচেষ্টা সত্ত্বেও ৰাহুল গান্ধীয়ে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছে । ইয়াৰ বিপৰীতে ন্যায়িক প্ৰক্ৰিয়াত তেওঁৰ বিশ্বাস ৰাখিছে । বিজেপি আৰু তেওঁলোকৰ সমৰ্থকসকলৰ বাবে এইয়া এক শিক্ষা হোৱা উচিত ।

ইয়াৰোপৰি তেওঁ কৈছে কংগ্ৰেছ কেতিয়াও পিছুৱাই নাযায়। কংগ্ৰেছে বিজেপিৰ চৰকাৰ আৰু এটা দল হিচাপে বিফলতাৰ ওপৰত আলোচনা অব্যাহত ৰাখিব। তেওঁ কয়, আমি আমাৰ সাংবিধানিক আদৰ্শ বজাই ৰাখিম আৰু আমাৰ প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশ্বাস ৰাখিম। যিসমূহক আপোনালোকে ধ্বংস কৰিবলৈ ইমান তৎপৰ হৈ পৰিছে । সত্যমেৱ জয়তে !"

মই মোৰ লক্ষ্যৰ বিষয়ে জানো- ৰাহুল গান্ধী

উচ্চতম ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিতাদেশ দিয়াৰ লগে লগে কংগ্ৰেছে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এখন ফটো আপলোড কৰিছে। য'ত ৰাহুল গান্ধীৰ উদ্ধৃতিৰে লিখিছে- আজি নতুবা কালিলৈ সত্যৰ জয়ী হ'বই। মই মোৰ লক্ষ্যৰ বিষয়ে জানো, মই জানো মই কি কৰিব লাগে। যিসকলে আমাক সহায় কৰিলে জনসাধাৰণে যি মৰম আৰু সমৰ্থন দিলে তাৰ বাবে সকলোকে ধন্যবাদ।

ইয়াৰ পূৰ্বে কংগ্ৰেছে ৰাহুল গান্ধীয়ে সংসদত পূৰ্বে প্ৰদৰ্শন কৰা এখন ফটো শ্বেয়াৰ কৰিছে। য'ত দেখা গৈছে উদ্যোগপতি আদানী, নৰেন্দ্ৰ মোডী একেলগে বহি আছে। আৰু সেই ফটো সংসদত প্ৰদৰ্শন কৰিছে ৰাহুল গান্ধীয়ে। ফটোৰ কেপচনত লিখিছে- আহি আছো, প্ৰশ্ন অব্যাহত থাকিব।

ইয়াৰোপৰি ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে- যিয়েই নহওক, মোৰ দায়িত্ব একেই থাকিব। ভাৰতৰ ধাৰণাটোক সুৰক্ষা দিয়া।

'আজি নতুবা কালিলৈ সত্যৰ জয় হ'বই'
অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বিধায়ক তৰংগ গগৈৰ বিশেষ উপহাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in