/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2323a3f8-af35-45be-8bdd-eba8e9c3d27b/cf.jpg)
ডিজিটেল ডেস্কঃ সফল হোৱাৰ দিশে চন্দ্ৰযান-৩ অভিযান। সোমবাৰে কক্ষপথ হ্ৰাস কৰাৰ আন এটা প্ৰক্ৰিয়াৰ অন্তত চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠৰ অধিক ওচৰলৈ গৈ পাইছে। বাংগালুৰুস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) কয় যে চন্দ্ৰযান-৩ এতিয়া চন্দ্ৰৰ "নিকটতম কক্ষপথ"ত উপনীত হৈছে।
Chandrayaan-3 Mission:
Orbit circularisation phase commences
Precise maneuvre performed today has achieved a near-circular orbit of 150 km x 177 km
The next operation is planned for August 16, 2023, around 0830 Hrs. IST pic.twitter.com/LlU6oCcOOb— ISRO (@isro) August 14, 2023
চন্দ্ৰযান-৩ ১৪ জুলাইত উৎক্ষেপণ কৰা হৈছিল আৰু ৫ আগষ্টত ই চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত ৬ আৰু ৯ আগষ্টত চন্দ্ৰযানক কক্ষপথলৈ নমাই অনাৰ বাবে দুটা প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল।
ইছৰোৱে টুইট কৰি কয়, "চন্দ্ৰযানক চন্দ্ৰপৃষ্ঠৰ ওচৰলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজিৰ প্ৰক্ৰিয়াৰ পিছত চন্দ্ৰযান-৩ৰ কক্ষপথ ১৫০ কিমি * ১৭৭ কিমিলৈ নামি আহিছে।তেওঁলোকে কয় যে, পৰৱৰ্তী প্ৰক্ৰিয়াটো ১৬ আগষ্টৰ পুৱা প্ৰায় ৮.৩০ বজাত সম্পাদন কৰাৰ পৰিকল্পনা কৰা হৈছে।
ইছৰোৰ সূত্ৰ অনুসৰি, মহাকাশযানখনক ১০০ কিলোমিটাৰ কক্ষপথলৈ অনাৰ বাবে আন এটা প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। যাৰ পিছত পৰৱৰ্তী প্ৰক্ৰিয়াৰ অংশ হিচাপে লেণ্ডাৰ আৰু ৰোভাৰক লৈ গঠিত 'লেণ্ডিং মডিউল'ক 'প্ৰপালচন মডিউল'ৰ পৰা পৃথক কৰা হ'ব।
ইয়াৰ পিছত লেণ্ডাৰে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত 'ডিবুষ্ট' অৱতৰন কৰিব বুলি আশা কৰা হৈছে।
Also Read: বিজেপি গেলিছে...