বিজেপি গেলিছে...

বিজেপি গেলিছে...

মৃদুল কুমাৰ সন্দিকৈ

ৰাইজ অতিষ্ঠ হ'ল। কেইবাবাৰো কোৱাৰ পাছতো সেই অঞ্চলটোলৈ যোৱা পথটো নিৰ্মাণ নহ'ল। মহিলাসহ একাংশলোকে স্থানীয় বিধায়কজনক সেই কথা জনালে। বিধায়কজনৰ ওপৰত মানুহৰ খং, ক্ষোভৰো প্ৰতিফলন ঘটিল।

এগৰাকী মহিলাই সেই সময়ৰ কিছু দৃশ্য মোবাইলত বন্দী কৰিছিল। সেই কথাতো স্থানীয় বিধায়কজনে লক্ষ্য কৰি আছিল। মানুহে দীৰ্ঘদিন ধৰি বাট-পথৰ সমস্যাৰ কথা কৈ থকা মূল বিষয়টোৰ সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সলনি বিধায়কজনে মহিলাগৰাকীৰ হাতত থকা মোবাইলটো কাঢ়ি ল'লে।

উদ্দেশ্য সেই সময়ত তেওঁক ককৰ্থনা কৰি কোৱা কথা আৰু ৰাজনৈতিকভাৱে তেওঁৰ অসফলতা প্ৰতিফলিত হ'ব পৰা দৃশ্যবোৰ ডিলিট কৰা। দাবী, ভাবুকি দি বিধায়কগৰাকী সসংগে আঁতৰি গ'ল।যাঁওতে কৈ গ'ল মোবাইলটো স্থানীয় আৰক্ষী থানাৰ পৰা লৈ ল'ব।

বিধায়কজন আছিল শাসকীয় বিজেপিৰ কমলপুৰ সমষ্টিৰ জনপ্ৰতিনিধি দিগন্ত কলিতা। বহুবল্কী বিধায়কজনৰ এই আচৰণত সাধাৰণ জনতাৰ প্ৰতি তেওঁৰ স্পৰ্ধা ভালদৰেই ফুটি উঠিল। সেই সময়ৰ দৃশ্য ভাইৰেল হোৱাতকৈ মানুহৰ মাজলৈ তেওঁৰ প্ৰতি যাব লগা বাৰ্তা ইতিমধ্যে গুচি গ'ল।

নলবাৰী হৰি মন্দিৰ প্ৰাংগনত এখন সভা। সভাখনত স্থানীয় নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে স্থিতি লোৱা এজন লোকক একাংশলোকে আক্ৰমণৰ লক্ষ্য কৰি ল'লে। কোনো কথাই ক্ষমতাত থকা সকলে শুনিব নোখোজে।সেয়া লাগিলে যুক্তি সংগতেই হওক।

এইসকল ক্ষমতাশালীলোকৰ আশে-পাশে বেৰি থকা একাংশ সমৰ্থকৰূপী লোকে তেওঁলোকৰ নেতাৰ গাত আঁচোৰ পৰিব নিদিয়ে। সাধাৰণলোকৰ পৰা এই ক্ষমতাশালী লোকসকলক তেওঁলোক আঁতৰাই ৰাখে।

কিছুদিনৰ পূৰ্বে এটা অডিঅ' ভাইৰেল হৈছিল। ছিণ্ডিকেট চলাবলৈ আৰক্ষীৰ উচ্চ-পদস্থ বিষয়াক ধন দিছিল বুলি সেই কথোপকথনত কোৱা হৈছিল। শাসকীয় দলৰ এজন নেতা আৰু এটা জাতীয় সংগঠনৰ নেতাৰ মাজত হোৱা এই বাৰ্তালাপৰ পম খেদি গম পোৱা গৈছিল শাসকীয় দলটোৰ ৰাজ্যিক নেতৃত্বত থকা এজন নেতাৰ ঘনিষ্ঠও এই কামবোৰৰ সৈতে জড়িত।

সংবাদ মাধ্যমত তেনে অভিযোগ উত্থাপন হোৱাৰ পাছত শূণ্য দুৰ্নীতি আৰু চিণ্ডিকেটবিহীন ৰাজ্যৰ শাসনৰ কথা কোৱা সকলৰ বিৰুদ্ধে প্ৰশ্ন উঠিছিল। সেইবোৰ অৱশ্যে আইনগতভাৱে প্ৰতিষ্ঠা নহ'ল। কিন্তু মানুহৰ মাজত এক ধাৰণা থৈ গ'ল । যিবোৰ শাসকীয় দলটোৰ বাবে সুখকৰ বুলি বিবেচিত হয়তো নহ'ব।

শাসনত থকা সকলৰ ক্ষমতা অপাৰ। শাসকীয় দলৰ নেতা কৰ্মীৰ ক্ষমতা বহুত। সেই প্ৰমাণ বিভিন্ন ঘটনাৰ মাজেৰে পোহৰলৈ আহে। অতি শেহতীয়াকৈ বিজেপিৰ এগৰাকী নেত্ৰী আত্মহননৰ পাছত পোহৰলৈ আহিছে দলটোৰে একাংশ নেতা-কৰ্মীয়ে চাকৰিৰ এখন ক'লা বজাৰ খুলি ৰাখিছে।

মূলতঃ একান্ত ব্যক্তিগত এখন ফটো ভাইৰেল হোৱাক কেন্দ্ৰ কৰি বিজেপিৰ নেত্ৰী গৰাকীয়ে আত্মহননৰ পথ বাছি ললে যদিও ইয়াৰ জৰিয়তে পোহৰলৈ অহা এইবোৰ কৰ্ম কাণ্ডই বাস্তৱত কৈ থকাৰ বিপৰীত ছবি এখনকহে মানুহৰ মাজত তুলি ধৰিলে।

এতিয়া সেইবোৰ ঘটনাৰ আলমত শাসকীয় দলটোক অস্ত্ৰোপচাৰ কৰিলে তেনে বহু ঘা ধৰা পৰিব। যিবোৰে শাসনাধিষ্ঠ বিজেপিৰ ভিতৰচৰাত সংঘটিত হৈ থকা অনীতিগত কাম-কাজবোৰত উদঙাই দিব।

কিছুমান গোন্ধ বৰ উৎকট। এনে গোন্ধ আহি নাকত লাগিলে অনুমান কৰিব পাৰি কৰবাত কিবা এটা গেলিছে বা লেতেৰা বস্তু আছে। এনে গোন্ধ পালে আমি সেই উৎস বিচাৰি হায়ৰাণ হও। কিয়নো সেই লেতেৰা বা গেলা-পচা সামগ্ৰী আঁতৰাই নপঠালে এই দুৰ্গন্ধৰ পৰিমাণ বাঢ়ি গৈয়ে থাকিব।

বহু দূৰৈৰ পৰা বতাহত ভাহি অহা এই দুৰ্গন্ধবোৰ নাকত লাগিলে মানুহে নাকে-মুখে হাত দিয়ে। দুৰ্গন্ধৰ পৰা এনেকৈয়ে বাচিব খোজে। কিন্তু কৰবাত যে কিবা গেলিছে সেই খবৰ প্ৰকৃতিয়ে নিজাকৈ দি যায়।

অসমৰ ৰাজনীতিত এনে দুৰ্গন্ধ সাধাৰণলোকে বহুবাৰ পাইছে। তাৰ প্ৰতিকাৰৰ ব্যৱস্থাও কৰিছে। এই দুৰ্গন্ধই ৰাজ্যবাসীক অতিষ্ঠ কৰাৰ পাছত শাসকীয় দলক ডাষ্টবিনলৈ দলিয়াইছে। প্ৰফুল্ল মহন্ত, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ কাৰ্যকালত এই ধৰণৰ ৰাজনৈতিক দুৰ্গন্ধ ৰাইজে পাইছিল।

শেহতীয়াকৈ একেই দুৰ্গন্ধই অসমৰ মানুহৰ নাকত লাগিছে। ৰাইজে কি হৈছে বুজি উঠিছে। সেয়েহে শেহতীয়া কৰ্মকাণ্ডবোৰ দেখি মানুহে নাকে-মুখে হাত দিছে। আৰু সচেতনজনে সঠিকভাৱে অনুমান কৰি কৈছে- অসমত শাসনত থকা বিজেপিও কৰবাত গেলিছে।

বিজেপি গেলিছে...
অনুৰাগ তোমাৰ বাবেই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in