/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b76724ef-4a58-498c-9ede-de3e1d707eb7/AP_FOR_WEB_ceo.jpg)
ডিজিটেল ডেস্কঃ বাংগালুৰুৰ এআই কোম্পানীৰ চিইঅ সূচনা চেঠে হত্যা কৰিলে নিজৰ ৪ বছৰীয়া সন্তানক। অভিযোগ অনুসৰি মহিলাগৰাকীয়ে গোৱাত নিজ সন্তানক হত্যা কৰে আৰু পাছত মৃতদেহটো কৰ্ণাটকলৈ লৈ আহে।
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল মহিলাগৰাকীৰ। কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্ট-আপ মাইণ্ডফুল এআই লেবৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে ৪ বছৰীয়া সন্তানক নৃশংসভাৱে হত্যা কৰে। বেগত ভৰাই পুত্ৰৰ মৃতদেহ হৈ অহা অৱস্থাত সোমবাৰে কৰ্ণাটকৰ চিত্ৰদুৰ্গাত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্ট-আপ মাইণ্ডফুল এআই লেবৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে ৪ বছৰীয়া সন্তানক নৃশংসভাৱে হত্যা কৰে। কৰ্ণাটকৰ চিত্ৰদুৰ্গাত মহিলাগৰাকীক বেগৰ ভিতৰত পুত্ৰৰ মৃতদেহ ৰখা অৱস্থাত গ্ৰেপ্তাৰ কৰে।
২০১০ চনত মহিলাগৰাকী বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ২০১৯ চনত এটি পুত্ৰ সন্তান জন্ম হৈছিল। তাৰপাছতে ২০২২ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল মহিলাগৰাকীৰ। কিন্তু আদালতে পুত্ৰক মাতৃৰ লগত থকাৰ অনুমতি দিছিল আৰু প্ৰতি সপ্তাহৰ দেওবাৰে পিতৃৰ পৰিয়ালে সন্তানক লগ কৰিব পাৰিব বুলি কৈছিল।
এই সকলো কথাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছিল মহিলাগৰাকীয়ে। সেইবাবে পুত্ৰৰ সৈতে দেওবাৰে গোৱালৈ গৈছিল আৰু তাতেই পুত্ৰক হত্যা কৰে। সোমবাৰে মহিলাগৰাকী হোটেলৰ পৰা অকলে ওলাই যায় আৰু হোটেল ষ্টাফে যেতিয়া কোঠাৰ ভিতৰত তেজ প্ৰত্যক্ষ কৰে লগে লগে আৰক্ষীক খবৰ দিয়ে। তাৰ পাছতে পোহৰলৈ আহে সকলো ঘটনা।
বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত কাৰণ।