অসম গ্ৰামীণ বিকাশ বেংকৰ গমিৰি শাখাত চোৰৰ তাণ্ডৱ

অসম গ্ৰামীণ বিকাশ বেংকৰ গমিৰি শাখাত চোৰৰ তাণ্ডৱ

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত অব্যাহত থকা চুৰি কাৰ্যই অতিষ্ঠ কৰি তুলিছে অঞ্চলটোৰ ৰাইজক।চুৰি কাৰ্যৰে জড়িত চুৰি চক্ৰ সমূহক কৰায়ত্ব কৰাত অতি দুখলগাকৈ আৰক্ষী ব্যৰ্থ হোৱাৰ বাবে এতিয়া গভীৰ নিৰাপত্তাহীনতাত ভুগিছে হেলেম অঞ্চলৰ ৰাইজ।

অঞ্চলটোৰ প্ৰান্তে প্ৰান্তে সঘনাই হৈ থকা গৰু-ছাগলী, নামঘৰ-মন্দিৰ, স্কুল-দোকানৰ চুৰি কাৰ্যৰ পিছত এইবাৰৰ চোৰৰ লক্ষ্য হৈ পৰিছে বেংক প্ৰতিষ্ঠান।মহকুমাটোৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত অসম গ্ৰামীণ বিকাশ বেংকৰ গমিৰি শাখাত সোমবাৰে নিশা সংঘটিত হোৱা এক চুৰি কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ হেলেম অঞ্চলত।

বেংক শাখাটোৰ মূল দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে তিনিজনীয়া এটা চোৰৰ দলে। চিচি টিভিৰ তথ্য মতে-নিশা প্ৰায় ২-১০ বজাত তলা ভাঙি বেংক শাখাটোৰ ভিতৰলৈ প্ৰৱেশ কৰে তিনিজনীয়া চোৰৰ দলটোৱে। ইয়াৰে দুজনৰ সম্পূৰ্ণৰূপে মুখ বন্ধা আছিল যদিও এজনে মুখ নৱন্ধাকৈ প্ৰৱেশ কৰিছিল। ভিতৰত প্ৰৱেশ কৰাৰ পিছত তিনিটাকৈ আলমিৰাৰ তলা ভঙাৰ লগতে নগদ ধন থকা মূল ল'কাৰটোৰ তলা ভাঙিবলৈ চেষ্টা চলাইছিল যদিও ল'কাৰটো শক্তিশালী হোৱাৰ বাবে ল'কাৰটোৰ তলা ভাঙিব নোৱাৰিলে চোৰৰ দলটোয়ে।

মঙলবাৰে পুৱা প্ৰায় ৯-১৫ বজাত বেংক শাখাটোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জগনাথ উপাধ্যায়ে বেংকত উপস্থিত হোৱাৰ পিছত মূল দুৱাৰৰ তলা ভঙা দেখি লগে পৰিচালক গৰাকীক খবৰ দিয়ে আৰু ইয়াৰ পিছত সবিশেষ ঘটনা পোহৰলৈ আহে। ঘটনাৰ খবৰ পোৱাৰ পিছত হেলেম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।চোৰৰ দলটোৱে কোনো ধৰণৰ সামগ্ৰী, নথি-পত্ৰ বা নগদ ধন নিব নোৱাৰিলে শাখাটোৰ ভিতৰৰ পৰা।তদুপৰি, হেলেম আৰক্ষী থানাৰ প্ৰৱেশ পথৰ মুখতে থকা শিৱ মন্দিৰটোৰ ভিতৰত কোনো দুষ্ট চক্ৰই যোৱা নিশা লণ্ড-ভণ্ড কৰাক লৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অসম গ্ৰামীণ বিকাশ বেংকৰ গমিৰি শাখাত চোৰৰ তাণ্ডৱ
৩০ বছৰ ধৰি মৌন হৈ আছে এগৰাকী মহিলা, অপেক্ষা ৰাম মন্দিৰ উদ্বোধনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in