নিৰ্বাচনৰ অংক নে কি? ৫ বছৰৰ বাবেহে কেন্দ্ৰই মানিব কৃষকৰ দাবী...

দেওবাৰে মাজনিশালৈকে কৃষকৰে বৈঠক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ
নিৰ্বাচনৰ অংক নে কি? ৫ বছৰৰ বাবেহে কেন্দ্ৰই মানিব কৃষকৰ দাবী...
নিৰ্বাচনৰ অংক নে কি? ৫ বছৰৰ বাবেহে কেন্দ্ৰই মানিব কৃষকৰ দাবী...

ডিজিটেল ডেস্কঃ কৃষকৰ মূল দাবী মানি ল'ব কেন্দ্ৰীয় চৰকাৰে। কিন্তু থাকিব কেতবোৰ চৰ্ত। কৃষকৰ পৰা নূন্যতম সমৰ্থিত মূল্যত শস্য ক্ৰয় কৰিব কেন্দ্ৰই। কিন্তু ইয়াৰ বাবে নিৰ্ধাৰণ কৰিছে সময়। মাত্ৰ ৫ বছৰৰ বাবেহে এম এছ পিৰ জৰিয়তে শস্য ক্ৰয় কৰিব কেন্দ্ৰীয় চৰকাৰে।

দেওবাৰে প্ৰতিবাদী কৃষক সংগঠনৰ নেতাৰ সৈতে পুনৰ এখন কেন্দ্ৰীয় চৰকাৰৰ বৈঠক অনুষ্ঠিত হয়।এই বৈঠকতে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ দিছে, আগন্তুক ৫ বছৰৰ বাবে কৃষকৰ পৰা নূন্যতম সমৰ্থিত মূল্যত শস্য ক্ৰয় কৰিব চৰকাৰে।

অৱশ্যে এই প্ৰস্তাৱ কৃষক সংগঠনে এতিয়াও মানি লোৱা নাই। তেওঁলোকে বিবেচনাৰ বাবে দুদিন সময় বিচাৰিছে। দেওবাৰে কৃষক সংগঠনৰ সৈতে কেন্দ্ৰীয় খাদ্যমন্ত্ৰী পীযুষ গোৱেল, কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডা, গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱত সিং মানো।

দেওবাৰে মাজ নিশালৈকে অনুষ্ঠিত হোৱা এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ প্ৰস্তাৱ আগবঢ়োৱা হয়। কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে জনোৱা অনুসৰি আগন্তুক ৫ বছৰৰ বাবে মাহজাতীয় শস্য, মাকৈ, কপাহৰ দৰে শস্য নূন্যতম সমৰ্থিত মূল্যত ক্ৰয় কৰিব কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ সৈতে চুক্তিও সম্পন্ন কৰিব। সফল ক্ৰয় কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ ফালৰ পৰা নাথাকিব কোনো উৰ্ধ্বসীমা।

কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰস্তাৱক লৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই কৃষক সংগঠনসমূহে। প্ৰতিবাদকাৰী কৃষক নেতা ছাৰৱান সিং পান্ধেৰে এই সন্দৰ্ভত কয়, আমি বিশেষজ্ঞসকলৰ সৈতে কেন্দ্ৰৰ প্ৰস্তাৱ আলোচনা কৰিম। প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিন নে নাই সেই সন্দৰ্ভতো আলোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

এম এছ পিৰ উপৰিও কৃষকসকলৰ আন কেতবোৰো দাবী আছে। তেওঁলোকে আশা কৰিছে, কেন্দ্ৰই অহা দুদিনৰ ভিতৰত এই সন্দৰ্ভত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব।

এনে পৰিপ্ৰেক্ষিতত দুদিনৰ বাবে স্থগিত ৰখা হৈছে কৃষকৰ দিল্লী চলো যাত্ৰা।পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমান্তত আৱদ্ধ হৈ আছে এই কৃষকসকল। তাৰ পৰা পিছুৱাই যোৱা নাই তেওঁলোক।

কেন্দ্ৰক দুটা দিনৰ সময় নিৰ্ধাৰণ কৰি দিছে কৃষক সংগঠনসমূহে তেওঁলোকৰ আন দাবী যেনে পেঞ্চন, ঋণ ৰেহাই আদিবোৰৰ সিদ্ধান্ত ল'বলৈ। অন্যথা তেওঁলোকে ২১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ প্ৰতিবাদ আৰম্ভ কৰিব।

নিৰ্বাচনৰ অংক নে কি? ৫ বছৰৰ বাবেহে কেন্দ্ৰই মানিব কৃষকৰ দাবী...
কংগ্ৰেছীয়ে ক্ষতি কৰিছে কংগ্ৰেছক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in