কংগ্ৰেছীয়ে ক্ষতি কৰিছে কংগ্ৰেছক !

কমল নাথে যোগদান কৰিব কংগ্ৰেছত !
কংগ্ৰেছীয়ে ক্ষতি কৰিছে কংগ্ৰেছক !
কংগ্ৰেছীয়ে ক্ষতি কৰিছে কংগ্ৰেছক !

ডিজিটেল ডেস্কঃ ৬০ বছৰৰো অধিক কাল ক্ষমতাত থকা কংগ্ৰেছৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰাৰ দৰে। ২০১৪ৰ লোকসভা নিৰ্বাচনত ক্ষমতা হেৰুওৱা দলটোৱে ২০১৯ ত আৰু অধিক বিপৰ্যয়ৰ সন্মুখীন হয়। ২০২৪ ৰ লোকসভা নিৰ্বাচন পদুলি মুখত যদিও আজি পৰ্যন্ত দলটোৱে শাসকীয় বিজেপিক পৰাভূত কৰিবলৈ সঠিক ৰণকৌশল প্ৰস্তুত কৰাত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে।

দলটোৰে নেতৃত্বই এফালে যিদৰে বিৰোধী ঐক্যমঞ্চ 'ইণ্ডিয়া'ক ভাঙোৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আনফালে নিজ দলৰে একাংশ জ্যেষ্ঠ নেতাৰ পাছত ব্যস্ত হৈ পৰিবলগীয়া হৈছে। দলৰ বিপদৰ সময়ত দল এৰি ৭০ উৰ্ধ্বৰ নেতাই নিজৰ ৰাজনৈতিক স্বাৰ্থত শাসকীয় পক্ষৰ সৈতে চামিল হোৱা বিষয়টো যেনে তেনেই সাধাৰণ কথা হৈ পৰিছে।

সদ্য সমাপ্ত দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভিতৰত অন্যতম আকৰ্ষণৰ কেন্দ্ৰ আছিল মধ্যপ্ৰদেশ। ৰাজ্যখনত বিজেপিক পৰাস্ত কৰি কংগ্ৰেছে ক্ষমতা দখল কৰিব পাৰিব বুলি পূৰ্বৰে পৰা ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ নেতাসকল আত্ম বিশ্বাসী হৈ আছিল। আনকি একাংশ নিৰ্বাচনী সমীক্ষাইয়ো সেই কথাকেই কৈছিল।

ৰাজ্যখনৰ নিৰ্বাচনত যাতে কোনো অঘটন নহয় তাৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথে বিচৰা ধৰণেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল দলে। সেয়াই হয়তো ভুল আছিল কংগ্ৰেছৰ বাবে। নিৰ্বাচনী ফলাফল অনুসৰি বিজেপিয়ে ৰাজ্যখনত একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিলে।

নিৰ্বাচনৰ পাছত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ পৰ্যালোচনা সভাত এই কথা নিশ্চিত হয় যে, মধ্যপ্ৰদেশত কমল নাথ আৰু ৰাজস্থানত অশোক গেহলটৰ চূড়ান্ত মইমতালিৰ বাবেই দলটো এইদৰে পৰাজিত হয়। তেওঁলোকে একাংশ জনসম্পৰ্কহীন নেতাক টিকট দিয়াৰ বাবেই দলটো পৰাস্ত হয়।

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যি বিশ্বাসেৰে কমল নাথৰ ওপৰত ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰিছিল সেই বিশ্বাস ভংগৰ বাবে ৬ মাহৰো সময় প্ৰয়োজন নহ'ল কমল নাথৰ বাবে। নিৰ্বাচনৰ মাত্ৰ ৩ মাহ পাছতে এতিয়া কংগ্ৰেছ এৰি বিজেপিত চানিল হ'বলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কমল নাথে।

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী কমল নাথৰ বিজেপি গমনৰ চৰ্চাই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পুনৰ চৰ্চা হৈছে, কংগ্ৰেছৰ আজিৰ অৱস্থাৰ বাবে কংগ্ৰেছৰ ভিতৰতে থকা এইসকল নেতাৰ ভূমিকাই দায়ী।

যিসময়ত লোকসভা নিৰ্বাচনক লৈ শাসকীয় বিজেপিকে ধৰি অন্যান্য দলসমূহে পূৰ্ণ প্ৰস্তুতি চলাইছে সেই সময়তে এতিয়া কংগ্ৰেছে কমল নাথৰ দৰে নেতাক বিজেপিত যোগদান নকৰিবলৈ সৈমান কৰাত ব্যস্ত থাকিবলগীয়া হৈছে। অসহায়ভাৱে সংবাদ মাধ্যমৰ আগত বিবৃতি দিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে।

দেওবাৰে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে দাবী কৰিছে বিজেপিত যোগদান নকৰে কমল নাথে। মধ্যপ্ৰদেশৰ কংগ্ৰেছ সভাপতি জিতু পাটৱাৰীয়েও একেই দাবী কৰিছে। অৱশ্যে এই সন্দৰ্ভত কমল নাথে কোনো কথা স্পষ্টকৈ ঘোষণা কৰা নাই।

বৰ্তমান দিল্লীত থকা কমল নাথৰ প্ৰসংগত বিজেপিৰ এক সূত্ৰই দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ বাবে অপেক্ষা কৰিছে কমল নাথে। উল্লেখ্য যে, মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে কংগ্ৰেছে কমল নাথক আঁতৰাই জিতু পাটৱাৰীক সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিছে।

ইয়াকৈ লৈ নাৰাজ হৈছে কমল নাথ। সেয়ে তেওঁ এতিয়া দল ত্যাগ কৰিবলৈ আগবাঢ়িছে। অৱশ্যে জিতু পাটৱাৰীয়ে কমল নাথৰ বিজেপি গমনৰ চৰ্চাক নস্যাৎ কৰি এয়া সংবাদ মাধ্যমৰহে অপপ্ৰচাৰ বুলি মন্তব্য কৰিছে। কমল নাথ এজন কংগ্ৰেছ সদস্য আৰু কংগ্ৰেছৰ লগতেই থাকিব বুলিও কৈছে তেওঁ।

ইয়াৰ পূৰ্বে কমল নাথে সংবাদ মাধ্যমৰ সন্মুখত কৈছিল, মই আগতেও আপোনালোকক কৈছোঁ এনেধৰণৰ কিছু ঘটনা ঘটিলে আপোনালোককেই প্ৰথমে জনাম। মই কাৰো সৈতে কোনো কথা পতা নাই। কিন্তু তেওঁ স্পষ্টকৈ বিজেপিত যোগদানৰ প্ৰসংগটোক নস্যাৎ কৰা নাই।

স্মৰ্তব্য, ৰাজ্যসভাৰ বহু কেইখন আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত বহু কেইখন ৰাজ্যতে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মধ্যপ্ৰদেশৰ পৰা কমল নাথে ৰাজ্যসভালৈ যোৱাৰ মন মেলিছিল যদিও বিধানসভা নিৰ্বাচনৰ সময়ত কৰা মইমতালিৰ বাবেই ৰাহুল গান্ধীয়ে কমল নাথক ৰাজ্যসভালৈ প্ৰেৰণ কৰাত আগ্ৰহী নহয়। এনে পৰিপ্ৰেক্ষিতত কমল নাথে বিজেপিত যোগদান কৰি ৰাজ্যসভালৈ যোৱাৰ প্ৰস্তুতি চলাইছে।

আন এক চৰ্চা অনুসৰি আকৌ মধ্যপ্ৰদেশৰ নিৰ্বাচনত পৰাজয়ৰ গ্লানি কেৱল কমল নাথে মূৰ পাতি ল'বলগীয়া হৈছে। ইয়াৰ বিপৰীতে নিৰ্বাচনৰ পাছৰে পৰা মধ্যপ্ৰদেশত তেওঁক কংগ্ৰেছে এলাগী কৰি তেওঁৰ বিৰোধী বুলি পৰিচিত জিতু পাটৱাৰীক দলত আগস্থান দিছে। কেৱল সেয়াই নহয়, বিৰোধী দলৰ নেতাৰ স্থানো দিয়া হোৱা নাই কমল নাথক। ইয়াৰ আঁৰত কংগ্ৰেছৰ আন এজন নেতা দিগ্বিজয় সিঙৰ ৰাজনীতি আছে বুলিও চৰ্চা হৈছে। মধ্যপ্ৰদেশত কমল নাথ আৰু দিগ্বিজয় সিঙৰ মাজত আছে সংঘাত।

এনে পৰিস্থিতিত কমল নাথে দল এৰি বিজেপিত যোগদান কৰিব লোৱা বিষয়টোক একাংশই নস্যাৎ কৰিলেও পৰিশেষত যে তেওঁ বিজেপিত যোগদান কৰিব সেয়া প্ৰায় নিশ্চিত হৈছে। ৰাজ্যসভাৰ টিকট অথবা বিৰোধী দলৰ নেতাৰ মৰ্যাদা নিদিয়াৰ বাবেই ৭৭ বছৰীয়া কমল নাথে কংগ্ৰেছ এৰি এতিয়া বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে।

অথচ এইগৰাকী কমল নাথকেই কংগ্ৰেছে লোকসভাৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল। দলৰ ভাল দিনত এইদৰে দায়িত্ব লাভ কৰা কমল নাথে এতিয়া ৰাজ্যসভাৰ টিকট নোপোৱাৰ বাবেই বিজেপিত যোগদানৰ চেষ্টা চলোৱা বিষয়টোক সহজভাৱে ল'ব পৰা নাই ভিন্নজনে।

ইফালে শনিবাৰেই দিল্লীলৈ যোৱা কমল নাথে দেওবাৰ পৰ্যন্ত বিজেপিত যোগদান কৰা নাই। ইয়াৰ আঁৰতো আছে আন এক কাৰণ। জানিব পৰা মতে কমল নাথক বিচৰা ধৰণে বিজেপিত পদ দিয়া হোৱা নাই। ইয়াকে লৈ বিজেপিৰে দৰদাম চলি আছে কমলৰ। বিপৰীতে কংগ্ৰেছ নেতৃত্বই সংবাদ মাধ্যমৰ আগত কমল নাথে বিজেপিত যোগদান নকৰে বুলি বিবৃতি দি আহিছে।

কংগ্ৰেছীয়ে ক্ষতি কৰিছে কংগ্ৰেছক !
মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ, বিলাসী বাহনেৰে মহটিয়াই নিলে যুৱকক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in