/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/59a73fb8-5e7f-40ec-acb2-190361e205cd/AP_FOR_WEB_rohingia.jpg)
ডিজিটেল ডেস্কঃ ৰোহিংগীয়া শৰণাৰ্থীসকলৰ ওপৰত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই এখন শপতনামা দাখিল কৰিছে। য'ত কেন্দ্ৰই কৈছে যে বিদেশীসকলক ভাৰতত শৰণাৰ্থী হিচাপে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব নোৱাৰি।
কেন্দ্ৰই কয়, বিশ্বৰ সৰ্বাধিক জনসংখ্যা আৰু সীমিত সম্পদ থকা এখন উন্নয়নশীল দেশ হিচাপে ভাৰতে নিজৰ দেশৰ নাগৰিকক অগ্ৰাধিকাৰ দিয়াতো প্ৰয়োজনীয়। আইনী পৰিকাঠামোৰ বাহিৰত শৰণাৰ্থীৰ স্থিতিৰ কোনো স্বীকৃতি থাকিব নোৱাৰে আৰু শৰণাৰ্থীৰ মৰ্যাদাৰ ঘোষণা ন্যায়িক আদেশৰ জৰিয়তে হ'ব নোৱাৰে।
কেন্দ্ৰই কয়, অধিকাংশ বিদেশীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে।সংবিধান অনুসৰি মৌলিক অধিকাৰ কেৱল দেশৰ নাগৰিকেহে লাভ কৰিব লাগে।
লগতে কয়, অবৈধ শৰণাৰ্থী হোৱা বাবে ৰোহিংগীয়াসকলে সংবিধানৰ ৩ নং অনুচ্ছেদ অনুসৰি সুৰক্ষাৰ দাবী কৰিব নোৱাৰে।কিয়নো এই অনুচ্ছেদত কেৱল দেশৰ নাগৰিকক সুৰক্ষা দিয়া কথাহে উল্লেখ আছে। এজন বিদেশীৰ কেৱল অনুচ্ছেদ ২১ ৰ অধীনত জীৱন আৰু স্বাধীনতাৰ অধিকাৰ আছে । ভাৰতত বাস বা বসতি স্থাপনৰ মৌলিক অধিকাৰ দাবী কৰিব নোৱাৰে। এই অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰ বাবেহে উপলব্ধ।"
Also Read: মৰিগাঁও জিলা আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ কাৰ্যনিৰ্বাহক সভা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us