মৰিগাঁও জিলা আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

মৰিগাঁও জিলা আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

author-image
Asomiya Pratidin
New Update
মৰিগাঁও জিলা আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

ডিজিটেল সংবাদ মায়ং :,অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ অন্তৰ্গত মৰিগাঁও জিলা আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা এখন বৃহস্পতিবাৰে জাগী ভকতগাঁৱৰ সমূহীয়া ভৱনত অনুষ্ঠিত হয়। মৰিগাঁও জিলা আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ সভাপতি ড° উৎপল নাথে সভাখনত সভাপতিত্ব কৰে।

Advertisment

মৰিগাঁও জিলা আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ সম্পাদক নজৰুল ইছলামে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে সভাত নিজৰা শইকীয়াক সভাপতি, নিৰ্মল দাসক উপ: সভাপতি , ৰিজু শৰ্মাক সম্পাদক , বৰ্ণালী কলিতাক যুটীয়া সম্পাদক, অঞ্জু বৈশ্যক কোষাধ্যক্ষ , জয়ন্ত সাগৰ শইকীয়াক সাংগঠনিক সম্পাদক হিচাপে লৈ জাগী ভকতগাঁও শাখা আবৃত্তি পৰিষদ গঠন কৰে।

উল্লেখযোগ্য যে, অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত মৰিগাঁও জিলা আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।শলাগৰ শৰাই আগবঢ়াই জিলা সমিতিৰ মুখপাত্ৰ ৰাজীৱ চহৰীয়াই।সভাৰ আৰম্ভণিতে নিজৰা শইকীয়াই ড° অমৰ জ্যোতি চৌধুৰীৰ ' এটা গান শেষ হ'ল ' কবিতা আবৃত্তি কৰে। তদুপৰি বৰ্ণালী কলিতা আৰু নিৰ্মল দাসে কবিতা আবৃত্তি কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Also Read: তামুলপুৰত আন্তঃৰাষ্ট্ৰীয় বন দিৱস পালন