চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতৰ ৩০ টা স্থানৰ নাম সলনি কৰিলে ভাৰতে...

ভাৰতীয় সেনাৰ এল অ’ চি আৰু সংলগ্ন স্থানৰ মানচিত্ৰত ব্যৱহাৰ কৰা হ'ব এই নতুন নাম
চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতৰ ৩০ টা স্থানৰ নাম সলনি কৰিলে ভাৰতে...
চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতৰ ৩০ টা স্থানৰ নাম সলনি কৰিলে ভাৰতে...

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ ভাষাতেই এইবাৰ ভাৰতে দিলে উত্তৰ। ভাৰতে নতুনকৈ নামাকৰণ কৰিলে তিব্বতৰ ৩০ টাকৈ স্থানৰ। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এন ডি এয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পাছতে এল অ’ চিৰ কাষৰ চীন অধিকৃত তিব্বতৰ মুঠ ৩০ টা স্থানৰ নাম সলনি কৰাৰ প্ৰস্তাৱত অনুমোদন দিছে কেন্দ্ৰই।

ভাৰতীয় সেনাৰ এল অ’ চি আৰু সংলগ্ন স্থানৰ মানচিত্ৰত এই নতুন নামসমূহ ব্যৱহাৰ কৰা হ’ব। উল্লেখ্য যে, যোৱা এপ্ৰিল মাহত অৰুণাচল প্ৰদেশৰ প্ৰায় ৩০ টাকৈ স্থানৰ নাম নতুনকৈ নামাকৰণ কৰিছিল চীনে।

এই ৩০ টা স্থানৰ তালিকাত আছিল ১১ টা আবাসিক এলেকা, ১২ টা পাহাৰ, ৪ খন নদী, এটা হ্ৰদ, এটা গীৰিপথ আৰু এটা উপত্যকা। এয়াই প্ৰথম নহয়। চীনে ইয়াৰ পূৰ্বেও এইদৰে অৰুণাচল আৰু অৰুণাচলৰ বিভিন্ন স্থানৰ নাম সলনি কৰিছিল।

চীনৰ এনে কাৰ্যক ভাৰতে বিৰোধিতা কৰি অহাৰ পাছতো তাক পুনৰাবৃত্তি কৰি আহিছিল। সেয়ে এইবাৰ ভাৰতেও চীনক তেওঁলোকৰ ভাষাতেই প্ৰত্যুত্তৰ দিলে। ভাৰতে সলনি কৰিলে চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতৰ ৩০ টা স্থানৰ নাম।

স্মৰ্তব্য যে, ২০২৩ চনতো চীনে অৰুণাচলৰ মুঠ ১১ টা স্থানৰ নাম সলনি কৰিছিল। এই খবৰ প্ৰকাশ পাইছিল চীনৰ চৰকাৰী সংবাদ সংস্থা গ্লোবেল টাইমছত। চীনে ইয়াৰ জৰিয়তে দাবী কৰিছিল অৰুণাচল দক্ষিণ তিব্বতৰ অংশ। এই স্থানীয় মানুহখিনিৰ উচ্চাৰণৰ সুবিধাৰ বাবেই অৰুণাচলৰ নাম সলনি কৰা হৈছে বুলিও যুক্তি দিছিল চীনে।

তাৰ পূৰ্বে ২০২১ ৰ ডিচেম্বৰত আৰু ২০১৭ ৰ এপ্ৰিলত অনুৰূপ ধৰণে চীনে নিজাকৈ অৰুণাচলৰ একাধিক প্ৰদেশৰ নাম সলনি কৰিছিল। সেয়ে এতিয়া ভাৰতে তিব্বতক ব্যৱহাৰ কৰি চীনৰ চৰকাৰক চাপত ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি দাবী কৰিছে কূটনৈতিক মহলে।

মন কৰিবলগীয়া যে, ৫০ ৰ দশকৰ পৰাই তিব্বতে চীনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম অব্যাহত ৰাখিছে। সেই সময়ৰ চীনৰ চেয়াৰমেন মাও চে তুঙৰ নিৰ্দেশত চীনা পিপলছ লিবাৰেচন আৰ্মিয়ে স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ তিব্বত দখল কৰি দেশখনক তেওঁলোকৰ অধীনলৈ আনে।

তাৰ পাছৰ পৰাই তিব্বতৰ ওপৰত চলি আহিছে চীনৰ দমন। এই দমনৰ বিৰুদ্ধে ভাৰতকে ধৰি বিশ্বৰ ভিন্ন প্ৰান্তত বাস কৰা তিব্বতীয় লোকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে।

চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতৰ ৩০ টা স্থানৰ নাম সলনি কৰিলে ভাৰতে...
IIM গুৱাহাটীৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in