IIM গুৱাহাটীৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ...

IIM গুৱাহাটীৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ...

ডিজিটেল ডেস্কঃ অসমত স্থাপন হ’বলগীয়া ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট চমুকৈ আই আই এমৰ বাবে আজি প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৫৭৪ বিঘাতকৈ অধিক ভূমিত নিৰ্মাণ হ’বলগীয়া এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখন নিৰ্মাণৰ বাবে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পলাশবাৰী বিধানসভা সমষ্টিৰ মাৰাভিটাৰ দীঘলীকুছি গাওঁৰ বিশাল ভূমি নিৰ্বাচন কৰা হৈছে।

আজি এই প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাক সংগ দিয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ বিশ্বাস, ৰাজ্যৰ মুখ্যসচিব ড০ ৰবী কোটা, কামৰূপৰ আয়ুক্ত কীৰ্তি জল্লি আৰু অন্যান্য বিভাগীয় বিষয়াই।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্সত আই আই এমখনৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰাৰ কথা উল্লেখ কৰিছে। তেওঁ এক্সত লিখিছে- ''Where new dreams will be woven! Visited the proposed site of the upcoming IIM Guwahati in Kamrup to take stock of the activities. The institute will be spread over an area of over 574 bighas and will significantly cater to the pool of management professionals in the country. My gratitude to Hon'ble PM Shri Narendra Modi''

আনহাতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তেওঁৰ এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অসমত আই আই এমখন স্থাপনৰ এই সিদ্ধান্তৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনে শিক্ষাৰ্থীসকলক শক্তিশালী কৰাত বহুদূৰ আগবাঢ়ি যাব বুলিও উল্লেখ কৰিছে।

উল্লেখ্য যে, যোৱা ২ জুলাইত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্সৰ জৰিয়তে গুৱাহাটীৰ সমীপত এই শৈক্ষিক প্ৰতিষ্ঠানখন নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ আহ্বানৰ মৰ্মেই কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীত এই প্ৰতিষ্ঠন নিৰ্মাণত অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰিছিল।

স্মৰ্তব্য যে, ১৮ মাহ ধৰি এই প্ৰতিষ্ঠাখনৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ ওচৰত আৰ্জি দাখিল কৰি আহিছিল। ইয়াৰ বাবে অসমে প্ৰয়োজনীয় ভূমি আৰু লজিষ্টিক সমৰ্থনো আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। গুৱাহাটীত স্থাপন হ’বলগীয়া এই আই আই এমখনৰ মেণ্টৰ হিচাপে দায়িত্ব দিয়া হৈছে আই আই এম আহমেদাবাদক।

IIM গুৱাহাটীৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ...
উৰিষ্যাত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰঃ বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব মোহন চৰণ মাঝিয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in