কথাত কটা যায়, কথাত বঁটা পায়

satyapal malik
satyapal malik

ডিজিটেল ডেস্ক : ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এক হৃদয়বিদাৰক ঘটনা । জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত এই দুৰ্ঘটনাত ৪০ জনকৈ চি আৰ পি এফ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । সেনাৰ কনভয়ত বিস্ফোৰকভৰ্তি বাহন এখনে মৰা প্ৰচণ্ড খুন্দাৰ ফলত সংঘটিত এই ঘটনা পৰৱৰ্তী সময়ত পাকিস্তানৰ দুষ্কাৰ্য বুলি ঘোষণা কৰিছিল ভাৰতীয় চৰকাৰে ।

কিন্তু সেই ঘটনাৰ চাৰি বছৰ পাছত সেই সময়ৰ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে এটি সংবাদ মাধ্যমৰ সন্মুখত উদঙাই দিছিল কিছু নতুন তথ্য । মালিকে উত্থাপন কৰা দাবী অনুসৰি হেনো এনে ধৰণৰ ঘটনা সন্দৰ্ভত পূৰ্বৰে পৰাই জ্ঞাত আছিল চৰকাৰ । কেৱল সেয়াই নহয় বৰং সেনাই হেনো স্থানান্তৰণ প্ৰক্ৰিয়াৰ বাবে ৫খন এয়াৰ ক্ৰাফ্ট বিচাৰিছিল কেন্দ্ৰৰ ওচৰত । কিন্তু সেইয়া সম্ভৱ হৈ নুঠিল । তাৰ পাছতেই স্থানান্তৰণৰ দিনা সংঘটিত হ'ল এই ঘটনা ।

সত্যপালে সাক্ষাৎকাৰটোত ইয়াৰ ওপৰিও উত্থাপন কৰিছিল আন বহু কেইটা গুৰুতৰ অভিযোগ । সমগ্ৰ দেশত খলকনি তোলা এই সাক্ষাৎকাৰ সন্দৰ্ভত কিন্তু কেন্দ্ৰীয় চৰকাৰে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিল বিগত দিন কেইটাত ।

সেই সত্যপালকেই এতিয়া চি বি আই এ এক বীমা সংক্ৰান্তীয় কেচৰ বাবে সত্যপাল মালিকৰ উত্তৰ বিচাৰিছে শেহতীয়াকৈ । এপ্ৰিল মাহৰ ২৮ তাৰিখে চি বি আইৰ সন্মুখীন হ'ব সত্যপাল মালিক । অৱশ্যে সত্যপাল মালিকৰ ওপৰত কোনো ধৰণৰ অভিযোগ বৰ্তমানলৈ উত্থাপন হোৱা নাই । বৰং ৰিলায়েন্স জেনেৰেল ইঞ্চিওৰেন্সৰ এক কেলেংকাৰী সন্দৰ্ভত সাক্ষীৰ ৰূপত হে যাব সত্যপাল মালিক । কিন্তু ঘটনাই কোনো মুহুৰ্তত কি ৰূপ লয় সেইয়াও হ'ব লক্ষণীয় । কিয়নো কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তেনে গুৰুতৰ অভিযোগ তোলাৰ পাছত চৰকাৰৰ ৰোষত পৰাৰ সম্ভাৱনা বহু বেছি । এতিয়া সময়ে হে ক'ব নৈৰ পানীৰ সোঁতৰ কথা ।

satyapal malik
মানচেষ্টাৰ ইউনাইটেডৰ দুৰ্দশা অব্যাহত, ইউৰোপা কাপৰ পৰা ল'লে বিদায়

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in