মানচেষ্টাৰ ইউনাইটেডৰ দুৰ্দশা অব্যাহত, ইউৰোপা কাপৰ পৰা ল'লে বিদায়

মানচেষ্টাৰ ইউনাইটেডৰ দুৰ্দশা অব্যাহত, ইউৰোপা কাপৰ পৰা ল'লে বিদায়

ডিজিটেল ডেস্ক : একালৰ বৃন্দাবন, একালত পৰে ছন । তেনে অৱস্থাই হৈছে ইংলেণ্ডৰ প্ৰৱল পৰাক্ৰমী মানচেষ্টাৰ ইউনাইটেডৰ সৈতে । একালৰ পৰাক্ৰমী ক্লাবটোৱে ছন্দ হেৰুৱাই এতিয়া সকলো প্ৰতিযোগিতাতেই মুখ থেকেচা খাব লগীয়া হৈছে । এইবাৰ ইউৰোপা কাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বাহিৰ হ'ব লগীয়া দলটি ।

প্ৰথম লেগত ছেভিয়াৰ বিৰুদ্ধে ২-২ গ'লত ড্ৰ' খেলা মানচেষ্টাৰৰ হাতত ছেমি ফাইনেললৈ যোৱাৰ সুৱৰ্ণ সুযোগ আছিল । কিন্তু দুৰ্বল প্ৰতিৰক্ষা বিভাগৰ বাবে দ্বিতীয় লেগত ০-৩ৰ ব্যৱধানত পৰাস্ত হৈ বিদায় মাগিলে ইউৰোপা কাপৰ পৰা ।

দ্বিতীয় লেগত সমগ্ৰ মেচখনত আধিপত্য প্ৰদৰ্শন কৰিছিল মানচেষ্টাৰ ইউনাইটেডে । খেলৰ ৬২ শতাংশ সময় মানচেষ্টাৰৰ খেলুৱৈৰ ভৰিতেই আছিল বল । পাচৰ দিশৰ পৰাও আগুৱাই আছিল দলটি । কেৱল এয়াই নহয় বৰং গ'লৰ বাবে ১৬টাকৈ শ্বট লৈছিল মানচেষ্টাৰে । কিন্তু তাৰ পৰিৱৰ্তে ছেভিয়াই ৩৮ শতাংশ সময় নিজৰ ভৰিত বল ৰাখিয়েই তিনিটাকৈ গ'ল দিবলৈ সক্ষম হয় ।

মানচেষ্টাৰৰ এই দুৰ্দশা নতুন নহয় । বিগত কেইবাটাও ছীজনৰ পৰা এনে ধৰণৰ খেল পৰিলক্ষিত হৈছে মানচেষ্টাৰৰ । সলনি কৰা হৈছে দল, নতুন খেলুৱৈ ক্ৰয় কৰা হৈছে । বাৰে বাৰে সলনি কৰা হৈছে মেনেজাৰ । তাৰ পাছতো একেই প্ৰদৰ্শন দলটোৰ । যেন অনুৰাগীসকলক বিমুখ কৰিবলৈ হে খেলপথাৰত অৱতীৰ্ণ হয় খেলুৱৈসকল ।

মানচেষ্টাৰ ইউনাইটেডৰ দুৰ্দশা অব্যাহত, ইউৰোপা কাপৰ পৰা ল'লে বিদায়
গোগামুখৰ শিঙিজানত পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in