নগাঁৱত তিলক চন্দ্ৰ মজুমদাৰক 'গল্প সৌৰভ যতীন বৰা সাহিত্য বঁটা' প্ৰদান

নগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ উদ্যোগত আৰু শিক্ষাবিদ ড : লীলাৱতী শইকীয়া বৰাৰ সহযোগত বুধবাৰে নগাঁও পেঞ্চনাৰ ভৱনত এক অনুষ্ঠান অনুষ্ঠিত হয়।
 নগাঁৱত তিলক চন্দ্ৰ মজুমদাৰক 'গল্প সৌৰভ যতীন বৰা সাহিত্য বঁটা' প্ৰদান

ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ উদ্যোগত আৰু শিক্ষাবিদ ড : লীলাৱতী শইকীয়া বৰাৰ সহযোগত বুধবাৰে নগাঁও পেঞ্চনাৰ ভৱনত এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত 'গল্প সৌৰভ যতীন বৰা সোৱৰণী সাহিত্য বঁটা ' প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ,সত্ৰীয়া সংস্কৃতিৰ সাধক তিলক চন্দ্ৰ মজুমদাৰক।

নগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি মো:আবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বঁটা গ্ৰহণ কৰি নিজৰ অনুভৱ চমুকৈ ব্যক্ত কৰে মজুমদাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ কথা উল্লেখ কৰি কয় যে শংকৰদেৱৰ বিষয়ে আজিও বহু লোকে ভালদৰে চৰ্চা নকৰে।গুৰুজনাৰ বাবেই আমি নিজকে অসমীয়া হিচাপে পৰিচয় দিব পাৰিছো।

ভাষণ প্ৰসঙ্গত মজুমদাৰে গল্প সৌৰভ যতীন বৰাৰ গল্পৰ বিষয়ে উল্লেখ কৰি কয় - তেওঁৰ গল্প উচ্চ মানৰ।বটা প্ৰদানে নতুন সৃষ্টিৰ বাবে প্ৰেৰণা যোগায় বুলি মজূমদাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বটাত আছে ফুলাম গামোচা ,চেলেং, স্মাৰক , মানপত্ৰ ,নগদ ধন।এই অনুষ্ঠান উদ্ধোধন কৰি দিয়া ভাষণত নগাঁও জিলা জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি, শিক্ষাবিদ প্ৰেমেশ্বৰ দাসে যতীন বৰাৰ গল্পৰ বিষয়ে এক সম্যক ধাৰণা দাঙি ধৰে।আদৰণি ভাষণ প্ৰদান কৰে জেষ্ঠ পেঞ্চনাৰ হীৰেন্দ্ৰ বৰুৱাই।

শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে শিক্ষাবিদ ,সাহিত্যিক তথা প্ৰয়াত যতীন বৰাৰ পৰিবাৰ ড :লীলাৱতী শইকীয়া বৰাই।অনুষ্ঠানত 'গল্প সৌৰভ যতীন বৰা স্মাৰক বটা 'প্ৰদান কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মোহিনী মোহন ডেকাই। ' জনগোষ্ঠীয় সমন্বয় আৰু বিষ্ণুপ্ৰসাদ ৰাভা'শীৰ্ষক বক্তৃতা প্ৰদান কৰি অধ্যাপক ডেকাই অসমৰ জনগোষ্ঠীয় সমন্বয় আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে এক মননশীল বক্তব্য আগবঢ়ায়।

নিজৰ ভাষণত ডেকাই কয় যে বিষ্ণুপ্ৰসাদ ৰাভাই যি জাতি গঠনৰ সপোন দেখিছিল,সেয়া বহল অৰ্থত বৃহত্তৰ অসমীয়া জাতি। সচা অৰ্থত বিষ্ণুপ্ৰসাদ ৰাভাই বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন দেখিছিল। ডেকাই লগতে কয় -বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে জাতি গঠনৰ ক্ষেত্ৰত আন্তৰ্জাতিক দৃষ্টিভংগী থাকিব লাগিব। অসমীয়া কৃষ্টিৰ সুৰক্ষাৰ কবচ হোজা গাঁৱলীয়াৰ হাতত আছে বুলি বিষ্ণুপ্ৰসাদ ৰাভাই অনুভৱ কৰিছিল।

ডেকাই আৰু কয় যে বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে যি সকল অসম বাসী ,তেওঁলোকক লৈয়েই গঢ়িব পৰা যায় জাতি। বিষ্ণুপ্ৰসাদ ৰাভাই সমন্বয়ৰ আধাৰত অসমীয়া জাতীয় জীৱনক সমৃদ্ধিশালী কৰিব বিচাৰিছিল‌।ৰাভাৰ আদৰ্শৰে আগবাঢ়ি আহি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰি তুলিবৰ বাবে ডেকাই সকলোকে আহ্বান জনায়।

অনুষ্ঠানৰ আহ্বায়ক ভবেশ মেধিয়ে আতধৰা আৰু নগাঁও চৰকাৰী পেঞ্চনাৰ সন্থাৰ সম্পাদক জীৱপ্ৰসাদ বৰকটকীয়ে উদ্দেশ্য বাখ্যা কৰা অনুস্থানত গল্পকাৰ শিবানন্দ কাকতি,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ,থগিত মহন্ত, সাহিত্যিক পৰাণ কুমাৰ বৰুৱা, সাংবাদিক কনক হাজৰিকাৰ লগতে ডিম্বেশ্বৰ শইকীয়া ,প্ৰফুল্ল চন্দ্ৰ হাজৰিকা ,আবুল হুছেইন , উপমা মজুমদাৰ আদিকে ধৰি সন্থাৰ বিষয় ববীয়া ,সদস্য সকলে অংশগ্ৰহণ কৰে ।অনুষ্ঠানৰ আৰম্ভণিতে যতীন বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়।

 নগাঁৱত তিলক চন্দ্ৰ মজুমদাৰক 'গল্প সৌৰভ যতীন বৰা সাহিত্য বঁটা' প্ৰদান
প্ৰদূষণৰ বাবে বিধস্ত নগাঁৱৰ জনজীৱন : বায়ুমণ্ডলৰ সূচাংক বৃদ্ধি ৩৩৯লৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in