এইবাৰ তেজস্বী যাদৱৰ পাল; চিবিআইৰ চাৰ্জশ্বীট তেজস্বী যাদৱলৈ...

চাকৰিৰ বিনিময়ত ভূমি সালসলনি কৰা গোচৰৰ বাবে চিবিআইয়ে তেজস্বী যাদৱৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগনামা।

author-image
Asomiya Pratidin
New Update
এইবাৰ তেজস্বী যাদৱৰ পাল; চিবিআইৰ চাৰ্জশ্বীট তেজস্বী যাদৱলৈ...

ডিজিটেল ডেস্ক : এইবাৰ চিবিআইৰ চাৰ্জশ্বীট বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক। চাকৰিৰ বিনিময়ত ভূমি সালসলনি কৰা গোচৰৰ বাবে চিবিআইয়ে তেজস্বী যাদৱৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগনামা।

Advertisment

উল্লেখ্য চিবিআইয়ে আৰজেডি নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু ৰাবড়ী দেৱীৰ বিৰুদ্ধে চাকৰিৰ সলনি ভূমি লোৱা গোচৰৰ সংক্ৰান্তত ইতিমধ্যেই চলাই আছে তদন্ত। তদন্তকাৰী সংস্থাটোৰ মতে, ২০০৪ চনৰ পৰা ২০০৯ চনলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে চাকৰি দিয়াৰ নামত বিভিন্ন জনৰ পৰা আত্মীয়ৰ সহায়ত লৈছিল বহু পৰিমাণৰ ভূমি। যাৰ তদন্ত কৰি বৰ্তমান ন-ন তথ্য পোহৰলৈ অহাত ইজনৰ পিছত সিজনৰ নাম সাঙোৰ খোৱা ব্যক্তিক চাৰ্জশ্বীট দাখিল কৰিছে চি বি আইয়ে। সেই একেই গোচৰৰ ভিত্তিত এইবাৰ চি বি আইয়ে চাৰ্জশ্বীট দাখিল কৰিছে তেজস্বী যাদৱৰ বিৰুদ্ধে।

এই খবৰে এতিয়া বিহাৰৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰৱৰ্তী পৰ্যায়ত চিবিআইয়ে এই গোচৰৰ সন্ধানত কাক চাৰ্জশ্বীট দাখিল কৰে সেইয়া যেন এতিয়া উৎসুকতাৰ বিষয় হৈ পৰিছে।

Also Read: মহানগৰীত পথ নিৰ্দেশনা; ৪ জুলাইত উপ-ৰাষ্ট্ৰপতি আগমনৰ বাবে মানিব লাগিব এই নিৰ্দেশনা...

GOVT OF ASSAM cbi bihar