মহানগৰীত পথ নিৰ্দেশনা; ৪ জুলাইত উপ-ৰাষ্ট্ৰপতি আগমনৰ বাবে মানিব লাগিব এই নিৰ্দেশনা...

মহানগৰীত পথ নিৰ্দেশনা; ৪ জুলাইত উপ-ৰাষ্ট্ৰপতি আগমনৰ বাবে মানিব লাগিব কেইবাটাও পথ নিৰ্দেশনা

author-image
Asomiya Pratidin
New Update
মহানগৰীত পথ নিৰ্দেশনা; ৪ জুলাইত উপ-ৰাষ্ট্ৰপতি আগমনৰ বাবে মানিব লাগিব এই নিৰ্দেশনা...

ডিজিটেল ডেস্ক : মঙলবাৰে গুৱাহাটী মহানগৰীলৈ আহিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ উপস্থিতিৰ বাবেই মহানগৰীত পৰিবহন বিভাগে জাৰি কৰিছে পথ নিৰ্দেশনা। পৰিবহন বিভাগৰ জাননী অনুসৰি মঙলবাৰ অৰ্থাৎ ৪ জুলাইৰ দিনটোত মহানগৰীবাসীয়ে কেইবাটাও পথৰ ক্ষেত্ৰত মানিব লাগিব বিশেষ নিৰ্দেশনা।

Advertisment

উক্ত জাননী অনুসৰি ৪ জুলাইৰ পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ-২৭ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১৭ত চাৰিচকীয়া বাণিজ্যিক বাহন চলাচলত থাকিব বাধা আৰোপ কৰিছে প্ৰশাসনে। সমান্তৰালভাবে মহানগৰীৰ ডিজি ৰোড, এমজি ৰোড আৰু এটি ৰোডত পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০বজালৈ তিনিচকীয়া বাণিজ্যিক বাহন চলাচলাত থাকিব বাধা।

Also Read: শান্তি বিচাৰি হাহাকাৰ মণিপুৰীৰ; উচ্চতম ন্যায়ালয়ত দাখিল চৰকাৰী প্ৰতিবেদন...

kamrup metro GOVT OF ASSAM Kamrup metro Administration