মহিলাক উৎপীড়ন, স্বামীক প্ৰহাৰ! বিজেপি বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু...

মহিলাক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বিজেপি বিধায়কৰ বিৰুদ্ধে। ইতিমধ্যে গোচৰ ৰুজু হৈছে নেতা গৰাকীৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
মহিলাক উৎপীড়ন, স্বামীক প্ৰহাৰ! বিজেপি বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু...

ডিজিটেল ডেস্কঃ মহিলাক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বিজেপি বিধায়কৰ বিৰুদ্ধে। ইতিমধ্যে গোচৰ ৰুজু হৈছে নেতা গৰাকীৰ বিৰুদ্ধে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ চিমুৰ সমষ্টিত সংঘটিত হৈছে এই ঘটনা।

Advertisment

অভিযোগ অনুসৰি মহিলা গৰাকীক উৎপীড়ন চলোৱাৰ লগতে তেওঁৰ স্বামীকো প্ৰহাৰ কৰিছে বিজেপি বিধায়ক কীৰ্তিকুমাৰ ওৰফে বান্টি ভাঙ্গাদিয়াই।

বিধায়ক গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এজাহাৰ অনুসৰি, ভাংগাদিয়া আৰু কমেও ১৫-২০ জন লোকে শনিবাৰে মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁৰ স্বামীক আক্ৰমণ কৰিছিল।

লগতে অভিযোগ কৰিছে যে তেওঁৰ স্বামীৰ লগতে পৰিয়ালৰ আন সদস্যকো আক্ৰমণ কৰিছিল দলটোয়ে। কেৱল ইমানেই নহয় বিধায়ক গৰাকীয়ে তেওঁলোকৰ মাতৃৰ বিৰুদ্ধে অপমানজনক মন্তব্যও কৰিছিল।

বৰ্তমান পৰ্যন্ত বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: জঘন্য! মুকবধিৰ মহিলাক বলাৎকাৰ বাহাদুৰৰ

maharashtra