জঘন্য! মুকবধিৰ মহিলাক বলাৎকাৰ বাহাদুৰৰ

ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত এৰাঢল গাওঁ পঞ্চায়তৰ এগৰাকী ৱাৰ্ড সদস্যৰ স্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
জঘন্য! মুকবধিৰ মহিলাক বলাৎকাৰ বাহাদুৰৰ

ডিজিটেল সংবাদ ,ধেমাজি : ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত এৰাঢল গাওঁ পঞ্চায়তৰ এগৰাকী ৱাৰ্ড সদস্যৰ স্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ। বাহাদুৰ দাস নামৰ লোক জনৰ পত্নীৰ ওচৰলৈ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ চুক্তিৰ নথি পত্ৰ কাম-কাজ কৰিবলৈ আহোতে ঘৰত কোনো নথকা সুযোগ লৈ এগৰাকী মুকবধিৰ মহিলাক ধৰ্ষণ কৰে।

Advertisment

এই জঘন্য ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে বিয়লি প্ৰায় ২.৩০ মান বজাত এই ঘটনা সংঘটিত হয়।

ঘটনা সংঘটিত হোৱাৰ পাছত মহিলা গৰাকী পৰিয়ালৰ ওচৰত সকলো কথা জনায়। ঘটনাৰ সবিশেষ অৱগত হোৱা পিছতেই পৰিয়ালে লম্পট বাহাদুৰ দাসৰ বিৰুদ্ধে দেওবাৰে বিয়লি এজেহাৰ দাখিল কৰে ৷

ধেমাজি সদৰ আৰক্ষী থানাই ইতিমধ্যে অভিযোগকাৰী এজেহাৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি ৩৭৬ ২L ধাৰাৰ অধীনত ৪৯/২০২৩ নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত কৰিছে। বৰ্তমান পলাতক অৱস্থাত আছে বাহাদুৰ দাস।

Also Read: পত্নী হত্যাকাৰী নাৰায়ণ দাসৰ আত্মসমৰ্পণ

Assam police crime