ডিজিটেল ডেস্কঃ দুৰ্নীতি মুক্ত কৰাৰ কথা কোৱা বিজেপি চৰকাৰৰ প্ৰতিদিনেই পোহৰলৈ আহিছে দুৰ্নীতিৰ ন ন তথ্য।ইয়াৰ মাজতে কেগৰ প্ৰতিবেদনত উন্মোচন হৈছে ভয়ংকৰ তথ্য।
সংসদত কেগে দাখিল কৰা প্ৰতিবেদনত উন্মোচিত অনিয়মক ইছ্যু লৈ মোডী চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ তৰফৰ পৰা উত্থাপন কৰা হৈছে ৭ টাকৈ গুৰুতৰ অভিযোগ। মোডী চৰকাৰক আক্ৰমণৰ বাবে কংগ্ৰেছে উত্থাপন কৰিছে ৭টাকৈ কেলেংকাৰী। কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে কয় যে কেগে এই ৭টা কেলেংকাৰী পোহৰলৈ আনিছে।
প্ৰধানমন্ত্ৰী মোডীৰ পৰা উত্তৰ বিচাৰি কংগ্ৰেছে উত্থাপন কৰা ৭টা কেলেংকাৰী-
(১) ভাৰত মালা প্রকল্প কেলেংকাৰী: কেগৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কংগ্ৰেছৰ অভিযোগ— অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে তদাৰক কৰা ভাৰত মালা প্ৰকল্পত প্রতি কিঃমিঃৰ নিৰ্মাণ ব্যয় ১৫.৩৭ কোটি টকাৰ পৰা ৩২.১৩ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।
(২) দ্বাৰকা এক্সপ্ৰেছ ৱে' কেলেংকাৰী : দ্বাৰকা এক্সপ্ৰেছ ৱেত নিৰ্মাণ বায় প্রতি কিলোমিটাৰত ১৮ কোটি টকাৰ পৰা ২৫০ কোটি টকালৈ বৃদ্ধি পালে। কংগ্ৰেছৰ প্রশ্ন— দ্বাৰকা এক্সপ্ৰেছ ৱেত কি আশ্চর্য নিৰ্মাণ কৰা হৈছে! এয়া ৰাস্তানে? দুই কিলোমিটাৰ ৰাস্তা নিৰ্মাণত ৫০০ কোটি টকা কি কাৰণত ব্যয় কৰা হ'ল? তাৰ উত্তৰ দেশবাসীয়ে প্ৰধানমন্ত্ৰীৰ পৰা পাবনে ?
(৩) টোল প্লাজা কেলেংকাৰী: দেশৰ টোল প্লাজাত অবৈধভাবে ধন সংগ্ৰহ হৈ আছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মাত্র ৫ খন টোল প্লাজাতে সংগ্ৰহ কৰিছে ১৩২ কোটি টকা। কংগ্ৰেছৰ অভিযোগ- যদিহে দেশৰ আটাইকেইখন টোল প্লাজাত তদন্ত চলোৱা হয়, তেন্তে এই লুণ্ঠন কেইবাকোটি হ'ব।
(৪) আয়ুষ্মান ভাৰত স্বাস্থ্য কেলেংকাৰী : কেগৰ প্ৰতিবেদন অনুসৰি আয়ুষ্মান ভাৰততো কেলেংকাৰী হৈছে। মাত্র এটা ফোন নম্বৰৰ অধীনত ৭৫ লাখ লোকৰ নাম পঞ্জীয়ন হৈছে। ৮৮ হেজাৰ মৃতকৰ নামত আয়ুষ্মান ভাৰত আঁচনিৰ ধন দিয়া হৈছে।
(৫) অযোধ্যা বিকাশ কেলেংকাৰী : কংগ্ৰেছৰ অভিযোগ বিকাশ আঁচনিৰ অধীনত বিশেষ ঠিকাদাৰক পাব নলগীয়া ধন মোকলাই দিয়া হৈছে।
(৬) প্ৰচাৰ অভিযান কেলেংকাৰী : গ্রাম্য বিকাশ বিভাগৰ অধীনত বিধৱা আৰু বৃদ্ধৰ পেন্সনৰ ধন চৰকাৰী প্ৰচাৰত খৰচ কৰা হৈছে।
৭) হিন্দুস্তান এৰ'নটিকছত কেলেংকাৰী : হিন্দুস্তান এৰনটিক্ছ লিমিটেডত (হাল) ব্যাপক অনিয়ম চলিছে। খোদ কেগৰ প্ৰতিবেদনমতে হাল'ত নক্সাৰ ভুলৰ বাবে ১৫৪ কোটি টকা পানীত পৰিছে।