আজি পদত্যাগ কৰিব পাৰে প্ৰাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইয়ে...

ৰাজ্যত ন-পুৰণি বিজেপিৰ সংঘাত। প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইয়ে আজি কেবিনেট মৰ্যাদা এৰাৰ সম্ভাৱনা

author-image
Asomiya Pratidin
New Update
বহু বিস্ফোৰণ ঘটাই অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা ৰাজেন গোহাঁই

ডিজিটেল ডেস্কঃ ৰাজ্যত ন-পুৰণি বিজেপিৰ সংঘাত। প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইয়ে আজি কেবিনেট মৰ্যাদা এৰাৰ সম্ভাৱনা। মুখ্যমন্ত্রীৰ হাতত পদত্যাগ পত্র দাখিল কৰাৰ সম্ভাৱনা ৰাজেন গোহাঁইৰ।

Advertisment

ইন্দ্ৰাণী তদবিলদাৰৰ পাছতেই ৰাজ্যিক বিজেপিৰ ভিতৰচৰাত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ। প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ন বিজেপিৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰাৰ পাছতেই এইবাৰ ৰাজেন গোহাঁইৰ ক্ষোভৰ বহিপ্ৰকাশ হৈছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে তেওঁ আজি দিনৰ ১ বজাত পদত্যাগ কৰিব। লগতে এৰিব কেবিনেটৰ মৰ্যদাও। অৱশ্যে এতিয়াও এই কথাৰ কোনো স্পষ্টতা নাই। গতিকে ৰাজেন গোহাঁইয়ে পদত্যাগ কৰে নে নাই সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব।

Also Read: শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ শেষ নিশ্বাস ত্যাগ

bjp