১,৫৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব নাৰ্ছিং মহাবিদ্যালয়...

স্থাপন হ'ব ১৫৭ খনকৈ নতুন নাৰ্ছিং মহাবিদ্যালয়। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
১,৫৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব নাৰ্ছিং মহাবিদ্যালয়...

ডিজিটেল ডেস্কঃ স্থাপন হ'ব ১৫৭ খনকৈ নতুন নাৰ্ছিং মহাবিদ্যালয়। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কয় যে কেন্দ্ৰীয় কেবিনেটে বৰ্তমানৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ সৈতে সহ-অৱস্থানত ১৫৭খন নাৰ্ছিং মহাবিদ্যালয় স্থাপনত অনুমোদন জনাইছে।

Advertisment

১,৫৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব এই মহাবিদ্যালয় কেইখন। তেওঁ কয় যে এই নাৰ্ছিং মহাবিদ্যালয় সমূহ নিৰ্মাণৰ লক্ষ্য হল দেশত উপযুক্ত মানদণ্ড, সুলভ আৰু ন্যায়সঙ্গত নাৰ্চিং শিক্ষা প্ৰদান কৰা । লগতে নাৰ্ছৰ সংখ্যা বৃদ্ধি কৰাও ইয়াৰ লক্ষ্য।

উল্লেখ্য যে, চৰকাৰে ২ বছৰৰ ভিতৰত এই পৰিকল্পনা সম্পূৰ্ণ কৰিব। এই নাৰ্ছিং মহাবিদ্যালয় সমূহত উপযুক্ত মানদণ্ডৰ বা সকলো ধনৰণৰ সা সুবিধা থাকিব।

Also Read: বিবাহিত মহিলা শ্ৰমিকৰ লগত হাজিৰা বাবুৰ গোপন প্ৰেম,মৰিয়নিত উত্তপ্ত পৰিস্থিতি

cabinet