/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/66de218d-cecf-4fa1-b0be-361ba841c3b4/tyyy.jpg)
ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নি খেৰেমিয়া চাহ বাগিচাৰ এগৰাকী মহিলা চাহ শ্ৰমিকৰ লগত বাগিচা খনৰ এজন কৰ্মচাৰীৰ চলি থকা গোপন অভিষাৰকলৈ বুধবাৰে বাগিচা খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।বাগিচা খনৰ শ্ৰমিক সকলৰ অভিযোগ অনুসৰি বাগিচা খনৰ অঞ্জন ফুকন নামৰ কৰ্মছাৰী জনে বাগিচাৰে এগৰাকী বিবাহিতা মহিলা শ্ৰমিকক বিভিন্ন প্ৰলোভনেৰে অবৈধ সমন্ধ চলাই আহিছে।
শেহতীয়াকৈ মহিলা গৰাকীৰ স্বামীয়ে এই সন্দৰ্ভত জানিব পাৰি বাগিচা কতৃপক্ষক অৱগত কৰোৱাৰ লগতে মৰিয়নি থানাতো অৱগত কৰাই বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনায়।কিন্তু বাগিচা কতৃপক্ষয়ে বিষয়তো গুৰুত প্ৰদান নকৰাৰ অভিযোগত আজি পুৱা বাগিচাৰ কাম বন্ধ কৰি বাগিছাৰ শ্ৰমিক সকলে বাগিছাৰ কাৰ্যালয় ঘেৰাও কৰে।
বাগিচাখনৰ হাজিৰা বাবু অঞ্জন ফুকনে বিভিন্ন সময়ত বাগিছাৰ মহিলা শ্ৰমিকক বিভিন্ন প্ৰলোভনেৰে অনৈতিক কাৰ্যত লিপ্ত বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন কৰি আজি বাগিছাৰ শ্ৰমিকে কাৰ্যালয় ঘেৰাও কৰে। লগতে ২৪ ঘন্টাৰ ভিতৰত হাজিৰা বাবু অঞ্জন ফুকনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰে ৷ ইফালে বাগিচা খনৰ পৰিস্থিতি অৱনতি হোৱাৰ আশংকাত মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুনিন চুতিয়া,আৰক্ষী চক্ৰ পৰিদৰ্শক দণ্ডিৰাম বৰাৰ নেতৃত্বত আৰক্ষী দল বাগিচা খনত উপস্থিত হৈ শ্ৰমিক সকলক বুজায় বঢ়াই শান্ত কৰি পৰিস্থিতি নিয়ন্ত্ৰন কৰে ।
এই ক্ষেত্ৰত বাগিচাৰ শ্ৰমিক সকলৰ অভিযোগ হ'ল অতি লম্পট স্বভাবৰ ব্যক্তি অঞ্জন ফুকনে ইয়াৰ পূৰ্বেও এনে ধৰনৰ ঘটনা সংঘটিত কৰাৰ বাবে আন বাগিচাৰ পৰা খেদাও খাব লগা হৈছিল। সম্প্ৰতি আত্মগোপন কৰি আছে অঞ্জন ফুকনে।