লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব CAA! সাজু কাৰ্যবিধি, নিৰ্দিষ্ট পৰ্টেল...

গৃহমন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশিত খবৰে সৃষ্টি কৰিছে চাঞ্চল্য
লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব CAA! অসম, বংগৰ বাবে আছে ডাঙৰ খবৰ...
লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব CAA! অসম, বংগৰ বাবে আছে ডাঙৰ খবৰ...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে অসম, পশ্চিমবংগক বাদ দি দেশৰ প্ৰতিটো প্ৰান্ততে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে নাগৰিকত্ব সংশোধনী আইন-২০১৯। দেশৰ গৃহমন্ত্ৰণালয়ে শীঘ্ৰেই ঘোষণা কৰিব এই আইনৰ নিয়মাৱলী। এই নিয়মাৱলীৰ আধাৰতে বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা প্ৰবজন কৰা আৰু ৩১ ডিচেম্বৰ ২০১৪ ৰ আগতে ভাৰতত উপস্থিত হোৱা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টান আদি ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা প্ৰবজনকাৰীক নাগৰিকত্ব প্ৰদান কৰা হ'ব।

উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰজুৰি হোৱা প্ৰতিবাদৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত হোৱাৰ উপৰিও ৰাষ্ট্ৰপতিৰ অনুমোদন ক্ৰমে আইনত পৰিণত হৈছিল। এ এন আইয়ে গৃহমন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ কৰা বাতৰি অনুসৰি লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই যিকোনো সময়তে নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলীসমূহ ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

গৃহমন্ত্ৰণালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰিত কোৱা হৈছে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই মাৰ্চত দেশজুৰি কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন। ইয়াৰ পাছতেই উল্লেখিত শ্ৰেণীৰ লোকে ভাৰতৰ নাগৰিকত্বৰ বাবে আৱেদন কৰিব পাৰিব।

সংখ্যাৰ বলত ২০১৯ ত সংসদত বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰিলে যদিও আজি চাৰি বছৰ ধৰি এই আইন তেনেকৈয়ে পৰি আছে। ৪ বছৰে এই আইন কাৰ্যকৰী কৰা দূৰৰে কথা ইয়াৰ নিয়মাৱলীসমূহেই প্ৰস্তুত কৰিব পৰা নাই।

জানিব পৰা মতে এই আইন কাৰ্যকৰী হোৱাৰ লগে লগে ডিজিটেলী ভাৰতীয় নাগৰিকত্ব পাবৰ বাবে আৱেদন কৰিব পাৰিব। শেহতীয়া তথ্য অনুসৰি আইনখনৰ বাবে প্ৰয়োজনীয় অধিনিয়মসমূহ ইতিমধ্যে সাজু হৈছে। সাজু কৰি তোলা হৈছে এটা পৰ্টেল। এই পৰ্টেলত আৱেদনৰ বাবে ব্যক্তিজনক ভাৰতত প্ৰৱেশৰ নিৰ্ধাৰিত দিনৰ কোনো নথি-পত্ৰৰ প্ৰয়োজন নহ'ব। ভ্ৰমণ নথি অবিহনেই ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিব পাৰিব বুলি জনাইছে গৃহমন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াগৰাকীয়ে।

২৭ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰবাৰ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত পশ্চিমবংগৰ এক জনসভাত মন্তব্য কৰিছে। তেওঁ এই আইন কাৰ্যকৰী কৰিবলৈ বিজেপি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰিছে। এই আইনৰ বিৰোধিতা কৰাৰ বাবে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰি তেওঁ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰো অভিযোগ উত্থাপন কৰিছে।

মন কৰিবলগীয়া যে, এখন আইন সংসদত গৃহীত হৈ ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰাৰ ৬ মাহৰ ভিতৰত আইনখনৰ নিৰ্দেশনাসমূহ প্ৰস্তুত হ'ব লাগে। অথবা চৰকাৰে লোকসভা আৰু ৰাজ্যসভা দুয়োৰে অধীনস্থ আইন সমিতিৰ পৰা অধিক সময়ক বিচাৰিব পাৰে। সেই অনুসৰিয়েই কেন্দ্ৰীয় চৰকাৰে এই আইনৰ নিয়মাৱলী প্ৰস্তুতৰ বাবে ২০২০ চনৰ পৰাই সংসদীয় সমিতিৰ পৰা সম্প্ৰসাৰণ অনুমতি বিচাৰি আহিছে।

উল্লেখ্য যে, ২০২১-২২ বৰ্ষৰ এক প্ৰতিবেদন অনুসৰি ১ এপ্ৰিল ২০২১ ৰ পৰা ৩১ ডিচেম্বৰ ২০২১ ৰ ভিতৰত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ মুঠ ১,৪১৪ গৰাকী অনামুছলিম সংখ্যালঘু লোকক নাগৰিকত্ব আইন-১৯৫৫ ৰ আধাৰত ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হৈছে। এই লোকসকলক গুজৰাট, ৰাজস্থান, চত্তিশগড়, হাৰিয়ানা, পঞ্জাৱ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, দিল্লী আৰু মহাৰাষ্ট্ৰত পঞ্জীয়ন বা স্বাভাৱিকৰণৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰা হৈছে।

ইফালে নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অসম, পশ্চিমবংগৰ পৰা কেইবাখনো আবেদন দাখিল কৰা হৈছিল। এই গোচৰ এতিয়াও উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। এই গোচৰৰ মীমাংসা নোহোৱাকৈ কিদৰে এই আইনৰ কাৰ্যকৰী কৰা হ'ব তাক লৈও ভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

ইয়াৰ মাজতে ৰাজ্যজুৰি পুনৰ এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিবলৈ একাংশ দল, সংগঠনে প্ৰস্তুতি চলোৱাৰ উমান পায়েই প্ৰতিখন জিলাৰ আৰক্ষীক সচেতন হৈ থাকিবলৈ অসম চৰকাৰৰ গৃহ বিভাগৰ পৰাও কাঢ়া নিৰ্দেশ দিয়া হৈছে। কোনো পৰিস্থিতিতে আন্দোলন যাতে শক্তিশালী হৈ নুঠে তাৰ বাবে কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব CAA! অসম, বংগৰ বাবে আছে ডাঙৰ খবৰ...
ৰামদেৱৰ বাবেই উচ্চতম ন্যায়ালয়ৰ ভৰ্ত্‌সনাৰ সন্মুখীন নৰেন্দ্ৰ মোডী চৰকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in