চলন্ত বাছত অগ্নিসংযোগঃ ৮ তীৰ্থ যাত্ৰীৰ মৃত্যু, ২৪ জন আহত...

বৃন্দাবন, মথুৰা ভ্ৰমণ কৰি ঘূৰি আহিছিল দলটো
চলন্ত বাছত অগ্নিসংযোগঃ  ৮ তীৰ্থ যাত্ৰীৰ মৃত্যু, ২৪ জন আহত...
চলন্ত বাছত অগ্নিসংযোগঃ ৮ তীৰ্থ যাত্ৰীৰ মৃত্যু, ২৪ জন আহত...

হাৰিয়ানাত এখন চলন্ত বাছত অগ্নিসংযোগ হোৱাৰ ফলত ৮ জনকৈ যাত্ৰীৰ মৃ্ত্যু হৈছে। শুকুৰবাৰে নিশা হাৰিয়ানাৰ নুহ জিলাত এই ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডত আহত হৈছে আন ২৪ জন যাত্ৰী। জানিব পৰা মতে এই যাত্ৰীবাহী বাছখনত আছিল ৬০ জনকৈ যাত্ৰী। এই সকলোৱেই আছিল তীৰ্থযাত্ৰী।

তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ যাত্ৰীসকল বৃন্দাবন আৰু মথুৰাৰ পৰা তীৰ্থকৰি ঘূৰি আহিছিল।এই যাত্ৰীসকল আছিল পঞ্জাৱৰ হোছিয়াৰপুৰ, লুধিয়ানা আৰু চণ্ডীগড়ৰ। বাছখনে যাত্ৰীসকলক কঢ়িয়াই কুণ্ডলী-মানেচাৰ-পালৱাল ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে গৈ থকা অৱস্থাতে হঠাত অগ্নিদগ্ধ হয়।

স্থানীয় লোকে এই দৃশ্য প্ৰত্যক্ষ কৰি জুই নুমুৱাবলৈ চেষ্টা কৰাৰ লগতে বাছখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। আনহাতে স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি জুই নিয়ন্ত্ৰণ কৰে যদিও এই ঘটনাত বাছখন সম্পূৰ্ণৰূপে ভস্মিভূত হয়। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অৱশ্যে চলন্ত বাছখনত কিদৰে জুইৰ সূত্ৰপাত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত আৰম্ভ কৰিছে। বাছখনৰ এগৰাকী মহিলা যাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, বাছখনত জুই লগাৰ পাছত তেওঁ জঁপিয়াই প্ৰাণ ৰক্ষা কৰে।

তেওঁ কোৱা মতে বাছখনত জুই লগাৰ কথা যাত্ৰীসকলৰ লগতে চালকজনেও গম পোৱা নাছিল। প্ৰথমে এজন বাইক আৰোহীয়ে বাছখনৰ চালকজনক বাছখনত জুই লগাৰ কথা ক’বলৈ আগবাঢ়ি আহিছিল যদিও তেতিয়ালৈকে বাছখনক জুয়ে আগুৰি ধৰিছিল।

চলন্ত বাছত অগ্নিসংযোগঃ  ৮ তীৰ্থ যাত্ৰীৰ মৃত্যু, ২৪ জন আহত...
বকো নৈত পৰি এজনৰ কৰুণ মৃত্যু..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in