বকো নৈত পৰি এজনৰ কৰুণ মৃত্যু..

মদ্যপান কৰাৰ ফলতেই এই অঘটন
বকো নৈত পৰি এজনৰ কৰুণ মৃত্যু..
বকো নৈত পৰি এজনৰ কৰুণ মৃত্যু..

ডিজিটেল ডেস্কঃ বকোৰ লেপগাঁও টিলাপাৰাত অঘটন। বকো নৈত পৰি মৃত্যু হ'ল এজন ব্যক্তিৰ। নিহত ব্যক্তিজন লেপগাওঁ টিলাপাৰাৰে উদয় শৰনীয়া (৫৫)।

জানিব পৰা মতে বকো নৈত বালি মহল চলোৱা খননৰ ফলত নৈখনৰ ঠায়ে ঠায়ে বহু দ হৈ পৰিছে। এনে এক দ-স্থানত পৰিয়েই তেওঁৰ মৃত্যু হয়।

নিহত উদয় শৰনীয়াক নিশাই বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অহা হয়। বৰ্তমান তেওঁৰ মৃতদেহ বকো আৰক্ষী থানাতে আছে। জানিব পৰা মতে মদ্যপান কৰাৰ ফলতে তেওঁ নৈখনৰ দ-স্থানত পৰি এইদৰে মৃত্যুক আকোৱালি লয়।

বকো নৈত পৰি এজনৰ কৰুণ মৃত্যু..
ধেমাজিত চাৰি গৰু চোৰ আটকঃ দুমহাতে চোৰ হ'ল ২০০ ৰো অধিক গোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in