পেলেষ্টাইনলৈ ভাৰতৰ সাহায্যঃ AISJU ৰ সভাপতিৰ ধন্যবাদ....

পেলেষ্টাইনলৈ ভাৰতৰ সাহায্যঃ AISJU ৰ সভাপতিৰ ধন্যবাদ....
পেলেষ্টাইনলৈ ভাৰতৰ সাহায্যঃ AISJU ৰ সভাপতিৰ ধন্যবাদ....

ডিজিটেল ডেস্কঃ হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধত ইজৰাইললৈ মুকলি সমৰ্থন আগবঢ়োৱা ভাৰত চৰকাৰে পেলেষ্টাইনলৈ প্ৰেৰণ কৰিছে সাহায্য। ভাৰতৰ এনে মহানুভৱতাক ধন্যবাদ জনাইছে অল ইণ্ডিয়া ছুন্নী জামিয়াতুল উলেমাই।

সংগঠনটোৰ সভাপতি মহম্মদ ছৈয়দ নুৰীয়ে পেলেষ্টাইনলৈ সাহায্য প্ৰেৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাইছে। তেওঁ এক ভিডিঅ’ বাৰ্তাত কয়, মই সুখী অনুভৱ কৰিছো যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পেলেষ্টাইনলৈ সাহায্য প্ৰেৰণ কৰিছে। তেওঁ খাদ্য, পানী আৰু ঔষধ প্ৰেৰণ কৰিছে।

উল্লেখ্য, দেওবাৰে ভাৰতে পেলেষ্টাইনলৈ ৬.৫ টন ঔষধ আৰু আনুসাংগিক সামগ্ৰী, ৩২ টন দুৰ্যোগ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। এইসকলোবোৰ বায়ু সেনাৰ চি-১৭ এয়াৰ ক্ৰাফ্টৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে।

ইফালে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পেলেষ্টাইনৰ কৰ্তৃপক্ষ ৰাষ্ট্ৰপতিৰে এক টেলিফোনিক বাৰ্তাও হয়। এই বাৰ্তাৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে পেলেষ্টাইনৰ নাগৰিকলৈ ভাৰতৰ পৰা মানৱীয় সাহায্য গৈ থাকিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ভাৰতে ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থা (ইউ এন আৰ ডব্লিউ এ)ত অৱদানৰ জৰিয়তে পেলেষ্টাইনী নাগৰিক আৰু শৰণাৰ্থীসকলক সমৰ্থন কৰি আহিছে।

পেলেষ্টাইনলৈ ভাৰতৰ সাহায্যঃ AISJU ৰ সভাপতিৰ ধন্যবাদ....
মণিপুৰ হিংসাৰ প্ৰকৃত কাৰণ উপেক্ষাৰে হিন্দু ভাৱমূৰ্তি কলুষিত কৰাৰ চেষ্টাৰ অভিযোগ..

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in