গুজৰাটৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫জনকৈ লোকে

নিহত ৫গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে
road accident
road accidentroad accident

ডিজিটেল ডেস্কঃ গুজৰাটত পথ দুৰ্ঘটনাত ৫জনকৈ লোক নিহত। এই ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ গান্ধীনগৰ জিলাত।

বুধবাৰে এখন দ্ৰুতবেগী বাছে আন এখন বাছত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত হয় পুৱা প্ৰায় ৭-৩০ বজাত।

আনহাতে দুৰ্ঘটনাৰ ফলত ৫জনকৈ লোক নিহত হোৱাৰ উপৰিও প্ৰায় ৭জান লোক গুৰুতৰভাৱে আহত হয়। অৱশ্যে আহতসকলক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। ইফালে নিহত ৫গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

road accident
দিল্লীত কেব সেৱাৰ ক্ষেত্ৰত আহিব বৃহৎ পৰিৱৰ্তন,মুখ্যমন্ত্ৰী কেজৰিৱালে জনালে সংবাদ মাধ্যমক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in