/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/712fe64b-e003-406d-adfd-0d0567ba7466/hh.jpg)
ডিজিটেল ডেস্ক: হাৰিয়ানাত এখন গাড়ীত দুজন মুছলমান লোকৰ পোৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। তাৰ এদিন পিছতে ৫ জন লোকৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। যাক গোৰক্ষক বুলি সন্দেহ কৰা হৈছে। ২৫ বছৰীয়া নাছিৰ আৰু ৩৫ বছৰীয়া জুনেইদক বুধবাৰে ৰাজস্থানৰ ভৰতপুৰ জিলাৰ পৰা অপহৰণ কৰা হৈছিল। তাৰ পাছতে পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ।
তাৰ পাছতেই বৃহস্পতিবাৰে পুৱা নাছিৰ আৰু জুনেইদৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহ দুটা এখন বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে সন্দেহ কৰিছে মৃতদেহ দুটা নাছিৰ আৰু জুনেইদৰ। মৰোণত্তৰ আৰু ডি এন এ পৰীক্ষাৰ পাছতেই গম পোৱা যাব প্ৰকৃততে মৃতদেহ দুটা কাৰ।
লোক দুজনক জীৱন্তে নে মৃত্যুৰ পাছত জ্বলাই দিয়া হৈছিল সেই সন্দৰ্ভত তদন্ত চলি আছে। ইতিমধ্যে পৰিয়ালৰ লোকে বাহন খন চিনাক্ত কৰিছে।
আৰক্ষীয়ে জনোৱা অনুসৰি জুনেইদৰ বিৰুদ্ধে গৰু চোৰাং ব্যৱসায় কৰাৰ গোচৰ আছিল। যাৰ বাবে গো ৰক্ষক এই কাণ্ডত জড়িত আছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
নাছিৰ আৰু জুনেইদক অপহৰণ কৰাৰ অভিযুক্ত পাঁচজন হৈছে মনু মানেচাৰ, লোকেশ সিংইয়া, ৰিংকু চাইনী, অনিল আৰু শ্ৰীকান্ত। এই সকল গো ৰক্ষক বুলি জনা যায়।
আৰু পঢ়ক: কাজিৰঙাত বনজুই! লেলিহান শিখাই আগুৰি ধৰিছে বিশাল তৃণভূমি