কাজিৰঙাত বনজুই! লেলিহান শিখাই আগুৰি ধৰিছে বিশাল তৃণভূমি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে ২০২৩ বৰ্ষৰ কন্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়া৷
কাজিৰঙাত বনজুই! লেলিহান শিখাই আগুৰি ধৰিছে বিশাল তৃণভূমি

ডিজিটেল সংবাদ, কাজিৰঙা:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে ২০২৩ বৰ্ষৰ কন্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়া ৷ অগ্নিপূজাৰ দ্বাৰা আৰম্ভ হোৱাৰ পাছত জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল তৃণভূমি ৷

প্ৰকৃততে প্ৰতিবছৰে ফেব্ৰুৱাৰী -মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যানখনত কৰা হয় কন্ট্ৰল বাৰ্ণিং ৷ কাৰণ তৃণভোজী বন্যপ্ৰাণীৰ বাবে প্ৰয়োজন হয় নতুন কোমল ঘাঁহবন ৷ যিহেতু ওখ ঘাঁহ বন বন্যজন্তুৰ খাদ্যৰ অনুপযোগী হোৱাৰ লগতে তাৰ মাজত গা কৰি উঠা কাঠনিয়ে তৃণভূমি সংৰক্ষণত বাধাৰ সৃষ্টি কৰে ৷ যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰতি বছৰে বাৰ্ণিং প্ৰক্ৰিয়া চলাই আহিছে ৷

যাতে নতুন ঘাঁহ বন সহজে গজি উঠিব পাৰে ৷বন্যপ্ৰাণীৰ অসুবিধা নোহোৱাকৈ খণ্ড খণ্ডকৈ অগ্নি সংযোগ কৰা হয় ৷ বাৰ্ণিংৰ এই সময়চোৱাত বন্যপ্ৰাণীৰ অসুবিধাৰ সৃষ্টি হ’লেও নিৰাপদ স্থানলৈ সিহঁতে গতি কৰে বুলি জনাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ইফালে প্ৰতি বছৰে ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা কণ্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়াৰ পাছত পৰ্যটকৰ সংখ্যা বৃদ্ধি হয় ৷ কিয়নো জ্বলাই দিয়াৰ পাছত উদ্যানখনৰ জীৱকুলৰ দৰ্শন মনোমোহা হৈ পৰে ৷

আৰু পঢ়ক: মুখ্যমন্ত্ৰীৰ যদি সামান্যতম লাজ আছে গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক: অখিল গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in