/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0cb7401f-cd93-4918-95d3-ee8c15b34b81/NABI MUMBAI 27.jpg)
বৰষুণৰ মাজতে ভাঙি পৰিল অট্টালিকাঃ ভগ্নস্তূপত আৱদ্ধ ২ জন বাসিন্দা...
ডিজিটেল ডেস্কঃ মুম্বাইত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। বৰষুণৰ মাজতে এটা তিনিমহলীয়া অট্টালিকা ভাঙি পৰাৰ ফলত কেইবাজনো লোক আহত হোৱাৰ খবৰ প্ৰকাশ পাইছে।
এই অট্টালিকাটোত মুঠ ২৬ টা পৰিয়ালে বাস কৰিছিল। অট্টালিকাটো ভাঙি পৰাৰ সময়ত বহু কেইটা পৰিয়াল নিজৰ নিজৰ কোঠাতেই আছিল। অট্টালিকাটো প্ৰায় ১৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল বুলিও জানিব পৰা গৈছে।
অভিযোগ অনুসৰি ভাঙি পৰা এই তিনিমহলীয়া অট্টালিকাটো অকৰ্তৃত্বশীলভাৱে নিৰ্মাণ কৰা হৈছিল। নৱী মুম্বাই বেলাপুৰৰ সমীপৰ চাহাবাজ গাঁৱত সংঘটিত হোৱা এই ঘটনাত এতিয়াও দুজন লোক ভগ্নস্তূপৰ মাজত আৱদ্ধ হৈ আছে।
এই দুয়োজন লোকক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নৱী মুম্বাই পৌৰ নিগমৰ ফালৰ পৰা জনোৱা অনুসৰি অট্টালিকাটোৰ ভগ্নস্তূপৰ মাজত আৱদ্ধ দুয়ো জন ব্যক্তিৰ উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে।
Also Read: মণিপুৰত KYKL উগ্ৰপন্থীসহ বিভিন্ন স্হানৰ পৰা বুজণ সংখ্যক অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ...