/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fb7f1346-9368-4b32-a665-21451d99129d/manipur 27.jpg)
মণিপুৰত KYKL উগ্ৰপন্থীসহ বিভিন্ন স্হানৰ পৰা বুজণ সংখ্যক অস্ত্ৰশস্ত্ৰ উদ্ধাৰ...
ডিজিটেল সংবাদ শিলচৰ: অশান্ত মণিপুৰত উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। কাকচিং,কাংপকপি আৰু ইম্ফল পূৱ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে এজন KYKL উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন স্থানৰ পৰা বুজণ সংখ্যক অস্ত্ৰশস্ত্ৰ জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/123e41ce-f6a3-4207-8878-73b581fe705f/029e873e-53a4-42de-92f4-5f4be04d7298.jpg)
ইম্ফল পূৱ জিলাৰ থুবি চিংখং এলেকাত অভিযান চলাই মণিপুৰ আৰক্ষীয়ে নিষিদ্ধ সংগঠন KYKL ৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰে। ধৃত উগ্ৰপন্থী জন ইম্ফল পূব জিলাৰ চিংগাৰেল তেজপুৰৰ শ্ৰীময়ুম ঋষিকেশ শমৰা ওৰফে লয়জিং বুলি চিনাক্ত কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bb4cdd7f-4df7-4528-83a0-b3a4c6543234/39060197-d8bc-4d58-8dc6-9761c6946ce2.jpg)
উগ্ৰপন্থী জনৰ পৰা এটা লেথড গান, এটা লেথড শ্বেল হোল্ডাৰ আৰু ১১টা লেথড শ্বেল জব্দ কৰা হয়। আনহাতে,কাকচিং জিলাৰ খাৰুংপাটৰ পৰা মেগজিনসহ এটা কাৰ্বাইন, এটা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল, এটা এছ এল আৰ মেগজিন, এটা ইনছান্স এল এম জি মেগজিন, পাঁচটা গ্ৰেনেড, পাঁচটা ডিটনেটৰ আৰু ৩২টা সজীৱ গুলীসহ বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/047c29b6-b575-42da-9137-deeb07dbc599/240e7a2b-798f-4e94-91c8-f71a8ab7f5d1.jpg)
সেইদৰে, কাংপকপিৰ বিজাং গাঁৱত চলোৱা অভিযানত এটা ইম্প্ৰভাইজড মৰ্টাৰ, মেগজিন সহ এটা নাইন এম এম পিষ্টল দুটা চিংগল বেৰেল ৰাইফল, ৩ টা HE-36 হেণ্ড গ্ৰেনেড, ৩ টা ইম্প্ৰভাইজড মৰ্টাৰ জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।
Also Read: অসম-মেঘালয় সীমান্তত ভয়ংকৰ দুৰ্ঘটনা...