ডিজিটেল ডেস্কঃ দুৰ্বল সেৱাৰ বৰ্ধিত অভিযোগৰ বাবে বি এছ এন এলে ৩ জি সেৱা বন্ধ কৰিবলৈ আগবাঢ়িছে। একে সময়তে ২ জি, ৩ জি আৰু ৪ জি সেৱা প্ৰদান কৰা বি এছ এন এলে চাহিদা হ্ৰাস হোৱাৰ লগতে গ্ৰাহকৰ পৰা লাভ কৰা একাধিক অভিযোগৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
অৱশ্যে বি এছ এন এলৰ ২ জি সেৱা অব্যাহত থাকিব। কিয়নো ভয়ছ কলৰ বাবে এতিয়াও বি এছ এন এলৰ বহু গ্ৰাহকে সাধাৰণ মোবাইলৰ জৰিয়তে ২ জি সেৱা গ্ৰহণ কৰি আছে। কোম্পানীটোৱে ২ জি সেৱা অব্যাহত ৰাখি নিৰ্ভৰযোগ্য ভইছ কল সেৱা আগবঢ়াব।
মন কৰিবলগীয়া যে, কেৰালাত যোৱা কেইবামাহৰ পৰা গ্ৰাহকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। এই অসুবিধাসমূহৰ ভিতৰত কল কৰাত বাৰে বাৰে বিঘ্নিত হোৱা, ভিডিঅ’ কলত বিসংগতি আৰু অচিনাক্ত নম্বৰৰ পৰা অত্যাধিক ফোন কল অহা।
এগৰাকী গ্ৰাহকে জনোৱা অনুসৰি কল কৰিলে প্ৰথম প্ৰচেষ্টাত সংযোগত ব্যৰ্থ হয়। যদি কিবা কৰি সংযোগ স্থাপন হয়ো তেন্তে ব্যৱহাৰকাৰীসকলে কথা পাতিব নোৱাৰে। ৱান ছাইড হৈ থাক। বহু সময়ত আকৌ ব্যৱহাৰকাৰীৰ নম্বৰ সেৱাত উপলব্ধ নহয় বা ছুইছ অফ বুলিও কয়।
জানিব পৰা মতে এই অসুবিধা ৪ জি সেৱা স্থাপনৰ বাবে হৈছে। বি এছ এন এলে টাটা কনছালটেন্সি ছাৰ্ভিচেছ আৰু তেজছ নেটৱৰ্কৰ দ্বাৰা থলুৱা প্ৰযুক্তিৰে ৪ জি সেৱা স্থাপন কৰিছে।