আকৌ ব্যৰ্থ হ'ল পাকিস্তানী চোৰাংচোৱা ! BSF য়ে ধ্বংস কৰিলে ড্ৰোণ...

জব্দ বন্দুক আৰু মেগজিন
আকৌ ব্যৰ্থ হ'ল পাকিস্তানী চোৰাংচোৱা ! BSF য়ে ধ্বংস কৰিলে ড্ৰোণ...

ডিজেটেল ডেস্ক: পাকিস্তানী ড্ৰোণে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি সীমান্তৱৰ্তী ৰাজ্য পঞ্জাৱক অস্থিৰ কৰি তুলিছে। শেহতীয়াকৈ পঞ্জাৱৰ গুৰদাসপুৰ জিলাত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱানসকলে এটা গধুৰ পাকিস্তানী ড্ৰোন গুলীবৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিএছএফে ড্ৰোণ খন গুলী বৰ্ষণ কৰি এটা মেগজিনও জব্দ কৰিবলৈ সক্ষম হয়। তদুপৰি পাকিস্তানৰ উক্ত ড্ৰোণ খনৰ পৰা চিৰিজ ৰাইফল আৰু বহু আপত্তিজনক বস্তু জব্দ কৰে।

ইয়াৰ পূৰ্বেও  সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈন্যসকলে ২৬ ফেব্ৰুৱাৰীত পঞ্জাৱৰ অমৃতসৰত পাকিস্তানী ড্ৰোণ গুলীবৰ্ষণ কৰিছিল। কৰ্তব্যৰত বিএছএফ জোৱানসকলে পুৱতি নিশা প্ৰায় ২:১১ বজাত তেওঁলোকৰ কেম্পৰ ওচৰত গুঞ্জনৰ শব্দ শুনাৰ পিছতেই পাকিস্তানৰ দিশৰ পৰা ভাৰতীয় ভূখণ্ডৰ ফালে ড্ৰোণ পাৰ হোৱাৰ লক্ষ্য কৰে। পৰৱৰ্তী সময়ত অমৃতসৰৰ গ্ৰাম্য এলেকাত ড্ৰোণটো গুলীবৰ্ষণ কৰিবলৈ সক্ষম হয়।

ইপিনে জানুৱাৰীত সংঘটিত আন এটা ঘটনাতো সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-পাক সীমান্তৰ অমৃতসৰৰ ওচৰত পাকিস্তানী ড্ৰোণ গুলীবৰ্ষণ কৰিছিল। লগতে উক্ত ড্ৰোণটোৰ পৰা পাঁচ কিলোগ্ৰাম নিষিদ্ধ সামগ্ৰী জব্দ কৰিছিল।

এতিয়া শুকুৰবাৰে পুনৰ ড্ৰোণ উদ্ধাৰ হোৱাত বিএছএফে মত প্ৰকাশ কৰে যে, যোৱা কেইমাহমানত পাকিস্তানৰ ফালৰ পৰা ড্ৰোণৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। পিছে পাকিস্তানী এনে চোৰাংচোৱা বাহিনী প্ৰতিবাৰেই ভাৰতীয় সেনাৰ ওচৰত বিফল হৈছে।

আকৌ ব্যৰ্থ হ'ল পাকিস্তানী চোৰাংচোৱা ! BSF য়ে ধ্বংস কৰিলে ড্ৰোণ...
Best Picnic Spots Near Guwahati: গুৱাহাটীৰ সমীপতেই আছে আপোনাৰ পছন্দৰ বনভোজস্থলী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in