জম্মুৰ সীমান্তত নিশা BSF ক উগ্ৰপন্থীৰ সহায়ত পাকিস্তান সেনাৰ আক্ৰমণ...

জম্মুৰ সীমান্তত নিশা BSF ক উগ্ৰপন্থীৰ সহায়ত পাকিস্তান সেনাৰ আক্ৰমণ...
জম্মুৰ সীমান্তত নিশা BSF ক উগ্ৰপন্থীৰ সহায়ত পাকিস্তান সেনাৰ আক্ৰমণ...

ডিজিটেল ডেস্কঃ জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পুনৰ যুদ্ধ বিৰতি উলংঘা কৰি ভাৰতীয় সীমান্তৰক্ষী বাহিনী চমুকৈ বি এছ এফৰ চকীৰ ওপৰত আক্ৰমণ চলালে পাকিস্তানে। জম্মুৰ চাম্বা জিলাৰ ৰামগড় চেক্টৰত বুধবাৰে নিশা পাকিস্তানী সেনাৰ গুলীবৰ্ষণত এজন বি এছ এফ জোৱান গুৰুতৰভাৱে আহত হৈছে।

আনহাতে সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত বৃহস্পতিবাৰে পুৱতি নিশা শ্বপিয়ান জিলাত নিহত হৈছে বিদ্ৰোহী সংগঠন হিজবুল মুজাহিদীনৰ অন্যতম গোট টি আৰ এফৰ এজন কামাণ্ডাৰ।

নিহত এই সন্ত্ৰাসবাদীটোৰ নাম মাইছ আহমেদ। তেওঁৰ বিৰুদ্ধে আছে একাধিক অপৰাধমূলক গোচৰৰ অভিযোগ। আৰক্ষীয়ে জনোৱা অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত সেনা আৰক্ষীয়ে যুটীয়া অভিযানত নিশা কঠৱালেন গাঁৱত অভিযান চলাইছিল। এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীটো নিহত হৈছে।

বি এছ এফৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰামগড় চেক্টৰত একাধিক সমীন্তৰ চকীত নিশা ১২ বজাৰ পৰা বিনা প্ৰৰোচনাত পাকিস্তান সেনাই গুলী চালনা কৰিছে। পাকিস্তানৰ ৰেঞ্জাৰ বাহিনীৰ উপৰি পাক সন্ত্ৰাসবাদীও এই আক্ৰমণৰ অংশ হৈছিল বুলি বি এছ এফে প্ৰকাশ কৰিছে।

বি এছ এফৰ ফালৰ পৰা পাকিস্তানক যথোচিত উত্তৰ দিয়া হৈছে বুলিও জনাইছে। উল্লেখ্য যে, শীতৰ আগমণৰ আগে আগে কশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ অনুপ্ৰেৱশ বৃদ্ধি পায়। সেয়ে এনে অনুপ্ৰৱেশ কৰি দিয়াৰ বাবেই এই আক্ৰমণ বুলিও সন্দেহ কৰা হৈছে।

জম্মুৰ সীমান্তত নিশা BSF ক উগ্ৰপন্থীৰ সহায়ত পাকিস্তান সেনাৰ আক্ৰমণ...
গৃহ যুদ্ধত নৰককুণ্ডলৈ পৰিণত ছুডানঃ বলাৎকাৰ হৈ পৰিছে যুদ্ধৰ অস্ত্ৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in