ভগ্নীৰ বেদনা সহ্য কৰিব নোৱাৰি বৃক্ক দান কৰিলে ভাতৃয়ে...

ৰাখী বন্ধনৰ সময়তে ভাতৃ-ভগ্নীৰ সম্বন্ধৰ এক বিৰল নিদৰ্শন পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
ভগ্নীৰ বেদনা সহ্য কৰিব নোৱাৰি বৃক্ক দান কৰিলে ভাতৃয়ে...

ডিজিটেল ডেস্কঃ ৰাখী বন্ধনৰ সময়তে ভাতৃ-ভগ্নীৰ সম্বন্ধৰ এক বিৰল নিদৰ্শন পোহৰলৈ আহিছে। নিজৰ ভগ্নীক বৃক্ক দান কৰিলে ভাতৃয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ ডায়লাইছিচ কৰি থকা ভগ্নীৰ বেদনা সহ্য কৰিব নোৱাৰি ভাতৃয়ে বৃক্ক দান কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ এক খবৰ পোহৰলৈ আহিছে।

Advertisment

দুষ্মন্ত ভাৰকাৰ আৰু তেওঁৰ ভগ্নী ছীতল ভাণ্ডাৰী পুনেৰ বাসিন্দা। তেওঁলোকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত জনাই এই কথা। এয়া জীৱনৰ আটাইতকৈ স্মৰণীয় মূহুৰ্ত হৈ ৰ'ব বুলি কয় তেওঁলোকে।

ছীতল ভাণ্ডাৰেয়ী "ডায়েলাইচিছৰ পিছত মই দুৰ্বলতা, অনিদ্ৰা আদিৰ দৰে বহুতো সমস্যাৰ সন্মুখীন হৈছিলো। দুৰ্বলতাৰ বাবে মই কাম কৰিবলৈ অক্ষম হৈছিলো। তাৰপাছতে ভাইটীয়ে বৃক্ক দান কৰাৰ সিদ্ধান্ত লয় আৰু জুনত সফলভাৱে বৃক্ক সংৰোপন হয়।

তেওঁ কয় যে, প্ৰতিগৰাকী ভনীয়েকৰ এজন ভায়েক থাকিব লাগে যিয়ে যিকোনো পৰিস্থিতিত তেওঁক সহায় কৰিব পাৰে।

আনহাতে এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ভাতৃয়ে কয় যে, মোৰ ভনীয়ে ২০১৭ চনৰ পৰা বৃক্কৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। ড০ এ ভি ৰাও আৰু সুজিত ৰেড্ডীৰ দলটোৱে আমাক বহুত সহায় কৰিছিল। তেওঁলোকে সফলতাৰে মোৰ বৃক্ক মোৰ ভনীয়েকলৈ সংৰোপণ কৰিছে।

Also Read: দুখন বাইকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত ৪জন...

raksha bandhan