দুখন বাইকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত ৪জন...

বেলতলী- ফকিৰাগ্ৰাম সংযোগী গড়কাপ্তানী পথৰ হাজাৰীপাৰা-এলেংমাৰীত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
দুখন বাইকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত ৪জন...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বেলতলী- ফকিৰাগ্ৰাম সংযোগী গড়কাপ্তানী পথৰ হাজাৰীপাৰা-এলেংমাৰীত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা ফকিৰাগ্ৰাম অভিমুখে গৈ থকা অৱস্থাত আৰু কোকৰাঝাৰৰ পৰা বিলাসীপাৰা অভিমুখে আহি থকা অৱস্থাত দুখন তীব্ৰ বেগী বাইকৰ দুখনৰ মুখামুখী সংঘৰ্ষত ৪ জন আৰোহী থিতাতে নিহত হয় ।

Advertisment

দুৰ্ঘটনাত থিতাতে নিহত হোৱা সকলক ক্ৰমে জাহিনুৰ খা, নুৰভক্ত খা, নুৰমহম্মদ হুছেইন আৰু আবু ছিদ্দিকি বুলি জানিব পৰা গৈছে। নিহত জাহিনুৰ খা, নুৰভক্ত খাৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মাছপাৰাত আৰু নুৰমহম্মদ হুছেইন আৰু আবু ছিদ্দিকিৰ ঘৰ কোকৰাঝাৰ জিলাৰ ফকিগ্ৰামৰ পাখীৰিতলত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত পতিত হোৱা দুয়োখন মটৰচাইকেলে KTM আছিল । ইয়াৰে এখন মটৰচাইকেলৰ নম্বৰ হৈছে AS 19 T 4750 আৰু আনখন নম্বৰ বিহীন। দুৰ্ঘটনাৰ পিছত পিছত ঘটনাস্থলীত বিলাসীপাৰা মহকুমাৰ‌ আৰক্ষী বিষয়াৰ লগতে বিলাসীপাৰা, ৰাণীগঞ্জ আৰু লক্ষীগঞ্জ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো কেইটা উদ্ধাৰ কৰি বিলাসীপাৰা থানালৈ যায় । মৃতকৰ আজি মৰণোত্তোৰ পৰীক্ষা সম্পন্ন কৰা হ'ব ।

Also Read: নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা অসীম চক্রৱৰ্তীৰ জামিন আবেদন নাকচ

road accident