বাহুবলী ব্ৰীজভূষণ!

জোৰ যাৰ মুলুক তাৰ...
বাহুবলী ব্ৰীজভূষণ!

ডিজিটেল ডেস্কঃ পুনৰ চৰ্চাত কেশৰগঞ্জৰ সাংসদ ব্ৰীজভূষণ চৰণ সিং। এইবেলি বিজেপিয়ে তেওঁৰ পুত্ৰ কৰণ ভূষণ সিঙক টিকট প্ৰদান কৰাটো চৰ্চাৰ বিষয় হৈ পৰিছে। এই সন্দৰ্ভত সামাজিক মাধ্যমত মল্লযুঁজাৰু সাক্ষী মালিকৰ লগতে বহু লোকে নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। টিকট প্ৰদান সন্দৰ্ভত একাংশই বিৰোধীতা কৰিছে যদিও বহু লোকে পক্ষত থিয় দিছে। কিন্তু কাৰ সমৰ্থন পায় ইমানৰ পাছটো হাৰ মনা নাই ব্ৰীজভূষণে।

ছাত্ৰাৱস্থাৰ পৰাই মল্লযুঁজৰ প্ৰতি আগ্ৰহী আছিল ব্ৰীজভূষণ চৰণ সিং। বিভিন্ন স্থানত মল্লযুঁজৰ আয়োজন কৰা লগতে যুঁজখনৰ খৰচো বহন কৰিছিল। ইয়াৰোপৰি ব্ৰীজভূষণে বিজয়ীক নিজ খৰচৰে পুৰস্কাৰো দিছিল। প্ৰাপ্ত তথ্য অনুসৰি ব্ৰীজভূষণে নন্দনী নগৰত মল্লযুঁজাৰু সকলক প্ৰশিক্ষণ প্ৰদানৰ লগতে থকা-খোৱাৰ ব্যৱস্থাও কৰি দিছিল।

পৰৱৰ্তী সময়ত ১৯৮৫ চনত ব্ৰীজভূষণ চৰণ সিং ৰাম মন্দিৰ আন্দোলনৰ সৈতেও জড়িত হৈ পৰিছিল। ১৯৯২ চনত বাবৰী মছজিদ ধ্বংস কৰা ঘটনাটো তেওঁৰ নাম সাঙুৰ খায়। বিশ্ব হিন্দু পৰিষদৰ মৃত নেতা অশোক সিংহলৰ অতি ঘনিষ্ঠ আছিল ব্ৰীজভূষণ। সিংহলৰ বাবেই তেওঁ বিজেপিলৈ আহিছিল।

তথ্য অনুসৰি, নবাবগঞ্জৰ নন্দিনী নগৰ কলেজখন ব্ৰীজভূষণে স্থাপন কৰিছিল। ইয়াৰ পাছত ২ দশকলৈ ব্ৰীজভূষণৰ সাম্ৰাজ্য বৃদ্ধি হয়। ব্ৰীজভূষণে কেবাখনো বিদ্যালয়, কলেজ,হোটেলৰ লগতে হাস্পতাল নিৰ্মাণ কৰে।গোণ্ডা,বলৰামপুৰ, বহৰাইচ আৰু শ্ৰাবস্তিত ৫০ খনতকৈও অধিক কলেজৰ সৈতেও তেওঁ জড়িত হৈ পৰে।

ৰাজনীতিৰ পথাৰত ব্ৰীজভূষণ চৰণ সিং ইমানেই তীক্ষ্ণ আছিল যে তেওঁ ৫ বাৰ বিজেপিৰ পৰা আৰু এবাৰ সমাজবাদী পাৰ্টীৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল। ২০১১ চনত তেওঁ ভাৰতীয় কুস্তি সংঘৰ অধ্যক্ষ হিচাপে নিযুক্ত হয়। ইয়াৰ পাছতে তেওঁ ২০২৩ চনত যৌন নিৰ্যাতনৰ অভিযোগত চৰ্চালৈ আহে। তেওঁৰ বিৰুদ্ধে সাক্ষী মলিকৰ লগতে কেবাগৰাকী মল্লযুঁজাৰুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ফলস্বৰূপে ব্ৰীজভূষণ চৰণ সিঙে সেই পদ এৰিব লগীয়া হয়।

উল্লেখ্য যে, বিজেপি সাংসদ হোৱা স্বত্বেও তেওঁ বহু কাৰণত নিজ দলৰ বিৰোধীতা কৰিছিল।বানপীড়িতৰ সংগ্ৰাম সন্দৰ্ভত ব্ৰীজভূষণে চৰকাৰৰ সুবিধাসমূহ তথা ইউ পি চৰকাৰক চোকা মন্তব্য কৰিছিল।

কিছু মাহ পূৰ্বে ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয়। ঘটনাৰ বিৰোধীতা কৰি সাক্ষীৰ লগতে কেবাগৰাকী মল্লযুঁজাৰুৱে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পাছতে ব্ৰীজভূষণক অধ্যক্ষৰ চকীৰ পৰা আতৰাই দিয়ে।

মল্লযোদ্ধাসকলৰ প্ৰতিবাদত দিল্লী উত্তপ্ত হৈ পৰিছিল। বহু অভিযোগ-প্ৰতিবাদৰ অন্তত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিযোগ সন্দৰ্ভত তদন্ত চলাই থকা বুলি জনাইছিল। লগতে চৰকাৰে তদন্তৰ অন্তত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

পৰৱৰ্তী সময়ত ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ১০০০ পৃষ্ঠাৰ ছাৰ্জশ্বীট দাখিল কৰিছিল। ১৫ জুনত দিল্লী আৰক্ষীয়ে এই ছাৰ্জশ্বীট দুখনকৈ আদালতত দাখিল কৰিছিল। কিন্তু আশামত কোনো ফলাফল নোপোৱাত সাক্ষী মলিকে কুস্তিৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে ।

কিয়নো ডব্লিউএফআইৰ প্ৰাক্তন মুৰব্বী ব্ৰীজভূষণ সিঙৰ সহায়ক সঞ্জয় কুমাৰ সিঙে অনিতা শ্বেৰনক ৪০-৭ টা ভোটত পৰাস্ত কৰি ডব্লিউএফআইৰ নতুন সভাপতি হিচাপে নিযুক্ত হোৱাত অসন্তুষ্টি ব্যক্ত কৰে কেইবাগৰাকীও মল্লযোদ্ধাই।

উল্লেখিত কেবাটাও অভিযোগৰ বাবেই এইবেলি নিৰ্বাচনত ব্ৰীজভূষণ কেশৰগঞ্জৰ টিকটৰ পৰা বঞ্চিত হয় যদিও বিজেপিয়ে তেওঁৰ পুত্ৰক টিকট প্ৰদান কৰে। এই লৈ পুনৰ ক্ষুব্ধ হৈ পৰিছে মল্লযুঁজাৰু সকল। মহিলা মল্লযুঁজাৰু সাক্ষী মালিকে তেওঁৰ স্থানত পুত্ৰই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিৰোধীতা কৰিছে। এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমটো পোষ্ট দি সৰৱ হৈ পৰিছে।

বাহুবলী ব্ৰীজভূষণ!
২লাখ ভোটৰ ব্যৱধানত জয়ন্ত বসুমতাৰী বিজয়ী হ'বঃ পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in