/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/92727e67-0108-48b4-a03d-c0813aa2ff2e/4.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা চিৰাঙৰ অতিকৈ ভিতৰুৱা সংখ্যালঘু অধ্যূষিত অঞ্চল নাঙল ভাঙাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e97b1bfd-69ce-4787-a6cd-08b26c6de638/438119862_967021448212284_429578051611123879_n.jpg)
দেওবাৰে নাঙল ভাঙাত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণত মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণ প্ৰসংগত এইবেলি হাগ্ৰামাৰ নাঙল ভাঙি গৈছে গতিকে এই নাঙল ভাঙাত বিপিএফৰ নাঙলৰ কাম নাই বুলি কটাক্ষ কৰে। এই বড়োভূমিত এটা সময়ত বিপিএফ শাসনকালত ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষ হৈছিল আৰু সেই গোষ্ঠীগত সংঘৰ্ষত বহু মানুহৰ মৃত্যু হৈছিল এতিয়া আৰু নহয়। কাৰণ এই বিটিআৰত এতিয়া বিজেপি আৰু ইউপিপিএল মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে চাৰিওফালে উন্নয়ন আৰু প্ৰগতিৰ কাম হৈছে বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/da2db18e-f9a0-4e14-9ef4-fe337ca3a01c/440430625_967021478212281_5146654035458249639_n.jpg)
এইবেলি কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএ তথা ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিকল্প কোনো দল বা প্ৰাৰ্থী নাই। সেয়ে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় এশ শতাংশ নিশ্চিত। কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী কমপক্ষেও ২ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a02234ea-969e-4fb5-a5a8-9edd0ed32678/439437439_967021408212288_183595004651325852_n.jpg)
ইপিনে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে চাৰিখন সমষ্টিৰ তিনিটাত আমাৰ বিজয় নিশ্চিত আৰু এটা সমষ্টিত তুমুল প্ৰতিদ্বন্দিতা হ'ব। মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ ব্যাপক উৎসাহ দেখিছোঁ এইবাৰ আগতকৈ বহুত ভাল ফলাফল হ'ব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।
Also Read: কাছাৰত ৯.৫কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দঃ গ্ৰেপ্তাৰ ২সৰবৰাহকাৰী