যৌন নিৰ্যাতনৰ অভিযুক্তই পুনৰ খেলিব নিৰ্বাচন...

বিগত কেইবাদিনো ধৰি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দেশৰ আগশাৰীৰ একাংশ মল্লযুঁজাৰুয়ে।

author-image
Asomiya Pratidin
New Update
যৌন নিৰ্যাতনৰ অভিযুক্তই পুনৰ খেলিব নিৰ্বাচন...

ডিজিটেল ডেস্কঃ বিগত কেইবাদিনো ধৰি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দেশৰ আগশাৰীৰ একাংশ মল্লযুঁজাৰুয়ে। ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়া তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণৰ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ কৰি আহিছে। কিন্তু ইমানদিনৰ পাছতো এই নেতাগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে।

Advertisment

ইয়াৰ মাজতে দেওবাৰে ব্ৰীজভূষণে উত্তৰ প্ৰদেশৰ এখন ৰেলী সম্বোধন কৰে। তেওঁ ভাষণৰ আৰাম্ভণী প্ৰেম, বিশ্বাসঘাটকতা আৰু দুখ সম্বন্ধীয় এটা কবিতাৰ দ্বাৰা কৰে। তাৰপাছতে বিজেপি সাংসদ গৰাকীয়ে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ পুনৰ কেশৰগঞ্জ নিৰ্বাচন ক্ষেত্ৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। লগতে তেওঁ দাবী কৰে যে পৰৱৰ্তী চৰকাৰ বিজেপিৰে হ'ব।

আজিৰ এই সভাতেই সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসা কৰে। মোডীয়ে বিভিন্ন সময়ত গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰো প্ৰশংসা কৰে সাংসদ গৰাকীয়ে।উল্লেখ্য যে, এইগৰাকী নেতাৰ বিৰুদ্ধে মল্লযোদ্ধাসকলৰ প্ৰতিবাদক লগ দিছে একাংশ কৃষকেও। আৰক্ষীয়ে এজাহাৰ দাখিল কৰিলেও সঠিক তদন্ত কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে। তাৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বিচাৰিছে উপযুক্ত প্ৰমাণ।

Also Read: আছে নেকি গাঁত, দিয়ক এবাৰ মাত...

uttar pradesh bjp