আছে নেকি গাঁত, দিয়ক এবাৰ মাত...

আছে নেকি গাঁত, দিয়ক এবাৰ মাত...

মৃদুল কুমাৰ সন্দিকৈ

হেল্ল', গাঁতৰ বাবে দিয়া হেল্পলাইন নম্বৰ নেকি এইটো? আমাৰ ঘৰৰ সন্মুখত পানীৰ পাইপ পুতিবলৈ খন্দা গাঁতবোৰ ভালদৰে নুপুতিলে। এই অভিযোগ এই নম্বৰটোত দিব পাৰিমনে- এতিয়া হেল্প লাইন নম্বৰেৰে এনেদৰে আপুনিও দিব পাৰিব অভিযোগ।

ৰাজ্যৰ আন প্ৰান্তৰ লগতে মহানগৰীতো গাঁতে সৃষ্টি কৰিছে সন্ত্ৰাস। ইমানদিনে মানুহবোৰে কিমান যন্ত্ৰনাত এইবোৰ সহ্য কৰি আছিল তাৰ প্ৰমাণ চৰকাৰ তথা প্ৰশাসনে এতিয়া লাভ কৰিব।

মুখ্যমন্ত্ৰীৰ সৈতে ১১ জুন ২০২৩ ত উপায়ুক্তসকলৰ ভিডিঅ' কনফাৰেন্সযোগে হোৱা বৈঠকত বিশেষভাৱে স্থান লাভ কৰিছিল মৰণফান্দ সদৃশ হৈ পৰা এই গাঁতবোৰ। যোৱা কেইটামান দিনৰ ভিতৰত গুৱাহাটী আৰু ডিব্ৰুগড়ত এই গাঁতবোৰৰ বাবে সংঘটিত দুৰ্ঘটনাত দুজনৰ প্ৰাণ গৈছিল।

তাৰপাছত হকে বিহকে খন্দা সেই গাঁতবোৰৰ কথা সামাজিক মাধ্যমত ব্যাপকৰূপে চৰ্চা লাভ কৰিছিল। গুৱাহাটী মহানগৰীত এনে গাঁতৰ সংখ্যা কেইবা সহস্ৰাধিক হ'ব। উন্নয়ন বা আন স্বাৰ্থত খন্দা সেই গাঁতবোৰৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতা ঠিকাদাৰে নোলোৱা বুলি এতিয়া দোষ জাপি দি মুখ্যমন্ত্ৰীৰ তৎপৰতাত মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ।

মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব নিদিয়া হ'লে প্ৰশাসন হয়তো শুই থাকিলহেতেন। আন নালাগে গুৱাহাটীত জাইকাৰ পানীৰ পাইপ খন্দাৰ নামত বাট-পথবোৰৰ অৱস্থা কি কৰা হ'ল সেই ছবিখন ৰাইজে চকুৰ সন্মুখত দেখি আহিছে।

এইবোৰ দিশ তদাৰক কৰিবলৈ সংশ্লিষ্ট বিভাগবোৰ থকাৰ পাছতো কিহৰ অংকত ঠিকাদাৰক এনে অদায়িত্বশীলভাৱে কাম কৰিবলৈ দিয়া হৈছিল সেইটোহে এতিয়া লাখটকীয়া প্ৰশ্ন।

এটা ভাল পথ মূহুৰ্তৰ ভিতৰতে খান্দি তাৰ ইটা, মাটি, শিল কাষত দম বান্ধি ৰখাই দিনৰ পাছত দিন সেই বাটবোৰ তেনেদৰেই ৰখাই থোৱাৰ উদাহৰণ হয়তো মুখ্যমন্ত্ৰীয়েও দেখিছে। দুজনলোকে প্ৰাণ হেৰুওৱাৰ আগলৈকে সেই কামবোৰক তেনেই সাধাৰণ বুলি প্ৰশাসনৰ লোকসকলে গা এৰা দিছিল।

এতিয়া ৰাইজে জিলা প্ৰশাসনক তেনে গাঁতৰ সন্ধান দিবলৈ হেল্পলাইন নম্বৰত ফোন কৰিব পাৰে। গুৱাহাটী মহানগৰ আৰু যোৰহাট জিলাৰ উপায়ুক্তই মুখ্যমন্ত্ৰীৰ ৰঙা চকুৰ পাছত গুৱাহাটীৰ বাবে ১০৭৭ নম্বৰৰ হেল্পলাইন আৰু ৯৩৬০৪২৯৩১৪ নম্বৰৰ হোৱাটছএপ নম্বৰ মুকলি কৰিছে।

যোৰহাট জিলাৰ উপায়ুক্তই এইধৰণৰ অভিযোগ দিবলৈ ০৩৭৬২৩০০১২৪ নম্বৰটো মুকলি কৰি দিছে। সেইখিনিলৈকে সকলো ঠিকেই আছিল। মহানগৰবাসীয়ে পদে-পদে উপলব্ধি কৰে গুৱাহাটীৰ ৰাজপথত এইধৰণৰ কামবোৰ ঠিকাদাৰে কৰোতে জনসাধাৰণৰ কথা তিল মানো চিন্তা নকৰে।

উপায়ুক্তসকলৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে মনত পেলাই দিব লগা হ'ল উলুবাৰীত পদ-পথ নিৰ্মাণৰ নামত কি চলিছে তাৰ এখন সঁচা ছবি।মুখ্যমন্ত্ৰীয়ে এই কথাও ক'ব লগা হ'ল যে বি বৰুৱা কলেজ ৰোডত কি হৈ আছে।

এই পথবোৰ খন্দাৰ সমান্তৰালভাৱে ইয়াক উপযুক্তভাৱে মেৰামতি কৰিবলৈ সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠান বা বিভাগ দায়বদ্ধশীল হ'ব লাগে। সেই সাধাৰণ কথাখিনিও উপলব্ধি কৰিবলৈ ৰাইজৰ বহু অভিযোগৰ পাছত এনেদৰে হেল্পলাইন নম্বৰ মুকলি কৰি দি গাঁতসমূহৰ চিনাক্তকৰণ আৰু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ এনে প্ৰক্ৰিয়াই কৈ যায় আচলতে আমি ভৱাৰ দৰে এক ভাল প্ৰশাসন পাইছোনে?

গুৱাহাটীৰ জুৰোড, গীতানগৰ, শিলপুখুৰী, কাহিলীপাৰা, বেলতলা,মেগজিন, ভেটাপাৰা, গনেশগুৰি, হাতীগাঁও, বাৰোৱাৰী, গান্ধীবস্তিৰ পথ, উপপথত এই সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰি আছে।

উন্নয়নৰ নামত এফালৰ পৰা ইমানদিনে গাঁত পথ খান্দি তহিলং কৰিছিল ঠিকাদাৰ আৰু কোম্পানীবোৰে। পানীৰ পাইপ, বিদ্যুতৰ তাঁৰ, গেছৰ পাইপ, টেলিকমৰ কেবুল পোতাৰ নামত একেটা পথকে বাৰে বাৰে খন্দা হৈছে।

ৰাইজে চৰকাৰক জগৰীয়া কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই গাঁতবোৰ পুতিবলৈ কঠোৰ নিৰ্দেশ দিছিল। যিবোৰ গাঁত পোতা সম্ভৱ নহয় বা কাম বাকী আছে সেইবোৰ গাঁতত বাঁহৰ বেৰিকেড, ৰঙা কাপোৰ আৰি দিবলৈ নিৰ্দেশ দিছিল।

কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো বহু স্থানত অমান্য কৰা হৈছে। পানীৰ পাইপ পোতাৰ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত মাহ ধৰি নামমাত্ৰ মাটি দি সেই পথবোৰ যাতায়তৰ বাবে মুকলি কৰি দিছিল। গনেশগুৰিত ৮ জুনত মেধাৱী ছাত্ৰী প্ৰিয়া কুমাৰীৰ প্ৰাণ যোৱাৰ পূৰ্বেও অনুৰূপ বহু ঘটনা সংঘটিত হৈছিল।

এনে ঠিকা কৰা লোকসকলক এই পথবোৰ মেৰামতি কৰিবলৈ অনুৰোধ কৰাত তাক বিভিন্ন ধৰণে উপেক্ষা কৰাৰ উদাহৰণেই আছিল। আজিৰ পৰা প্ৰায় ৩ মাহ মানৰ পূৰ্বে গীতানগৰৰ মূল পথত তেনে এক প্ৰকাণ্ড গাঁত খান্দি উন্মুক্তভাৱেই বহুদিন ৰখাই থোৱা হৈছে।

কাৰোৱেই এই দায়িত্বজ্ঞান নাছিল যে মূল পথটোৰ আধা অংশ এনেদৰে খান্দি পেলাই থোৱাৰ ফলত কি ধৰণৰ ভয়াবহ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। সেই সন্দৰ্ভত স্থানীয় ৰাইজেও সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ তুলিছিল। কেৱল মুখ্যমন্ত্ৰীয়ে এনে অদায়িত্বশীল কামৰ বাবে উপায়ুক্তসকলক জবাবদিহী কৰিলে নহ'ব।

এইধৰণে গাঁতবোৰ খান্দিবলৈ কোনো অনুমতি প্ৰদান কৰে? সংশ্লিষ্ট কোম্পানী বা ঠিকাদাৰে গাঁতবোৰ পুতি পথবোৰ পুনৰ নিৰ্মাণ কৰাৰ বাবে কাৰ ওচৰত দায়বদ্ধশীল? জাইকাৰ পানীৰ পাইপৰ সংযোগ দিয়াৰ নামত প্ৰায় প্ৰতিঘৰৰ পদুলিয়ে পদুলিয়ে খন্দা গাঁতবোৰ কিয় ভালকৈ পোতা নহয় বা পথবোৰ পূৰ্বৰ দৰে মেৰামতি নকৰে।

এইবোৰৰ আঁৰতো কিন্তু আন এক কমিছনৰ অংক থাকিব পাৰে। চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে জৰীপ কৰক এনে অৱস্থাত কিমান বাট-পথ এৰি দিয়া আছে। ৰাইজে সেই তথ্যও হেল্পলাইন নম্বৰৰ জৰিয়তে প্ৰশাসনক জনোৱা উচিত।

গুৱাহাটী উন্নয়নৰ দায়িত্বত এগৰাকী মন্ত্ৰী আছে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আছে। সেইসকলে কি ইমানদিনে চকু হাতত লৈ ঘূৰা ফুৰা কৰিছে নেকি গুৱাহাটীত।গাঁতবোৰক লৈ তীব্ৰ অসন্তুষ্টি সামাজিক মাধ্যমত লেখাৰ পাছত, সংবাদ মাধ্যমত সেই খবৰবোৰে ব্যাপক চৰ্চা লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কেৱল দাঁত কৰচি উপায়ুক্তক দাবী, ধমকি দিলেই নহ'ব।

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই ডিচি সকলৰ বাবে তেওঁ পাব্লিকৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে বুলি দৰ্শোৱা যুক্তিও অযুক্তিকৰ। নিৰ্বাচিত এখন চৰকাৰে যদি জনসাধাৰণৰ এই নিৰাপত্তাৰ দিশবোৰেই সুনিশ্চিত কৰিব নোৱাৰে তেনেহলে তেওঁলোকো সেই বিফলতাৰ বাবে দায়ী।

আছে নেকি গাঁত, দিয়ক এবাৰ মাত...
মুখ্যমন্ত্ৰী মানেই 'অনিল কাপুৰ' নহয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in