আৰ্থিক দৈন্যতাক নেওচি উজ্বলিল জামুগুৰিহাটৰ ইটাখোলাৰ নাজিছা আহমেদ...

আৰ্থিক দৈন্যতাক নেওচি উজ্বলিল জামুগুৰিহাটৰ ইটাখোলাৰ নাজিছা আহমেদ...

ডিজিটেল সংবাদ, জামুগুৰিহাট : হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰ্থিক দৈন্যতাক নেওচি উজ্বলিল জামুগুৰিহাটৰ ইটাখোলাৰ এগৰাকী ছাত্ৰী। ছাত্ৰী গৰাকী হ'ল নাজিছা আহমেদ। ছাত্ৰীগৰাকীৰ কৃতিত্বক এতিয়া সকলোৱে একমুখে প্ৰশংসা কৰিছে।

শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমাণ কৰি দেখুৱালে নাজিছাই। নাজিছাৰ পিতৃ নাজিম উদ্দিন এগৰাকী ই-ৰিক্সা চালক। ওৰেটো দিন ই-ৰিক্সা চলাই উপাৰ্জন কৰা ধনেৰে চাৰিজনীয়া পৰিয়ালটোক পোহপাল দিয়া নাজিমৰ কন্যা নাজিছাই চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি ডিষ্টিংচন পাবলৈ সক্ষম হৈছে।

নাজিছাৰ এনে সাফল্যত স্বাভাৱিক ভাৱেই উৎফুল্লিত হৈছে পৰিয়ালৰ লগতে আত্মীয়-স্বজন। ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ লক্ষ্য পুহি ৰখা নাজিছা দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী।

আৰ্থিক দৈন্যতাক নেওচি উজ্বলিল জামুগুৰিহাটৰ ইটাখোলাৰ নাজিছা আহমেদ...
গহপুৰৰ দুই কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন সদৌ অসম সাংবাদিক সন্থাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in