ISI ৰ হৈ চোৰাংচোৱাঃ ব্ৰহ্মছ এৰোস্পেছৰ অভিযন্তাক যাৱজীৱন কাৰাদণ্ড...

নাগপুৰ জিলা আদালতে দিলে আজি এই ৰায়

author-image
Asomiya Pratidin
New Update
ISI ৰ হৈ চোৰাংচোৱাঃ ব্ৰহ্মছ এৰোস্পেছৰ অভিযন্তাক যাৱজীৱন কাৰাদণ্ড...

ISI ৰ হৈ চোৰাংচোৱাঃ ব্ৰহ্মছ এৰোস্পেছৰ অভিযন্তাক যাৱজীৱন কাৰাদণ্ড...

ডিজিটেল ডেস্কঃ পাকিস্তানৰ গুপ্তচৰ সংস্থা আই এছ আইৰ বাবে চোৰাংচোৱা কৰাৰ অপৰাধাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ’ল নিশান্ত আগৰৱাল। নিশান্ত আছিল ভাৰতৰ ব্ৰহ্মাছ এৰোস্পেছৰ অভিযন্তা। আজি তেওঁক নাগপুৰৰ এখন জিলা আদালতে এই শাস্তি প্ৰদান কৰিছে।

আদালতে নিশান্তৰ শাস্তি ঘোষণা কৰি কয় যে, তেওঁ ১৪ বছৰ সশ্ৰম কাৰাবাসৰ সন্মুখীন হ’ব লাগিব। ইয়াৰোপৰি তেওঁ ৩ হাজাৰ টকা জৰিমণাও ভৰিব লাগিব।

নাগপুৰ জিলা আদালতৰ ন্যায়াধীশ এম ভি দেশপাণ্ডেয়ে আগৰৱালক চি আৰ পি চিৰ ২৩৫ ধাৰা আৰু অফিচিয়েল চিক্ৰেটছ আইনৰ কেইবাটাও ধাৰাৰ অধীনত, আই ডি আইনৰ ধাৰা ৬৬ (এফ)ৰ অধীনত দোষী সাব্যস্ত কৰিছে।   

বিশেষ অধিবক্তা জ্যোতি বাজনীয়ে এই ৰায়ৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, আদালতে নিশান্ত আগৰৱালক ১৪ বছৰৰ বাবে কঠোৰ কাৰাদণ্ডৰ লগতে আজীৱন কাৰাদণ্ডৰ ৰায় দিছে।

উল্লেখ্য যে, নিশান্ত আগৰৱাল আছিল নাগপুৰৰ ব্ৰহ্মছ এৰোস্পেছ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক।ব্ৰহ্মছ এৰোস্পেচ কোম্পানী হৈছে ভাৰতৰ ডি আৰ ডি অ’ আৰু ৰাছিয়াৰ সামৰিক ঔদ্যোগিক কনচৰ্টিয়ামৰ এক যুটীয়া প্ৰকল্প। তেওঁ ইয়াৰ গৱেষণা শাখাত কাম কৰিছিল। ২০১৮ চনত তেওঁ সামৰিক চোৰাংচোৱা আৰু উত্তৰ প্ৰদেশৰ এছ টি এফৰ এক অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল।

Also Read: কাইলৈ উচ্চতম ন্যায়ালয়ত মনিষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানি...

ব্ৰহ্মছ এৰোস্পেছ