কাইলৈ উচ্চতম ন্যায়ালয়ত মনিষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানি...

দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল চিছোদিয়াৰ জামিন আবেদন

author-image
Asomiya Pratidin
New Update
বিজেপিয়ে মানুহক কাৰাগাৰত ৰখাৰ ৰাজনীতিত লিপ্ত হৈছে: মনিষ ছিচ'দিয়া

কাইলৈ উচ্চতম ন্যায়ালয়ত মনিষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানি...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণা কৰাৰ দিনটোতে উচ্চতম ন্যায়ালয়ত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়াৰ জামিনৰ আবেদনৰ শুনানি গ্ৰহণ হ’ব। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৱেবচাইটত আপলোড কৰা ৪ জুন, মঙ্গলবাৰৰ সূচীত মনিষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানিৰ বিষয়টোৱেও স্থান পাইছে।

Advertisment

চিছোদিয়াৰ জামিন সন্দৰ্ভত দাখিল কৰা এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু সন্দীপ মেহতাৰ দুজনীয়া বিচাৰপীঠে। উল্লেখ্য যে, যোৱা ২১ মে’ত দিল্লী উচ্চ ন্যায়ালয়ে মনিষ চিছোদিয়াৰ জামিন আৱেদন নাকচ কৰিছিল।

দিল্লীৰ বহু চৰ্চিত সুৰা কেলেংকাৰীৰ গোচৰত অভিযুক্ত হৈ কাৰাৰুদ্ধ হৈ আছে আপৰ নেতাগৰাকী। চিছোদিয়াক এই গোচৰত বিগত বছৰৰ ২৬ ফেব্ৰুৱাৰীত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল। চি বি আইৰ এফ আই আৰৰ অধীনত ইয়াৰ পৰৱৰ্তী সময়ত ৯ মাৰ্চত ধনৰ লেনদেনৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে।

এই দুই গোচৰতে চিছোদিয়া দীৰ্ঘ সময় ধৰি ন্যায়িক জিম্মাত আছে। যোৱা ৩০ এপ্ৰিলত তেওঁৰ জামিন আবেদন ট্ৰায়েল আদালতে প্ৰথমে খাৰিজ কৰে। অৱশ্যে উচ্চতম ন্যায়ালয়ে যোৱা বছৰৰ অক্টোবৰ মাহত মনিষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ইডিক কেইবাটাও তীক্ষ্ণ প্ৰশ্ন কৰিছিল।

Also Read: ইউৰোপৰ তিনি মহাশক্তি, জি-৭ ৰাষ্ট্ৰক অতিক্ৰমি ভাৰতীয় মহিলাৰ অভিলেখ...

উচ্চতম ন্যায়ালয় মনিষ চিছোদিয়া