''মালদ্বীপ নহয়, লক্ষ্যদ্বীপলৈ যাম'' নেতাৰ পোষ্টৰ পাছতেই ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড- 'বয়কট মালদ্বীপ'

''মালদ্বীপ নহয়, লক্ষ্যদ্বীপলৈ যাম'' নেতাৰ পোষ্টৰ পাছতেই ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড- 'বয়কট মালদ্বীপ'

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ পাছতেই এতিয়া পৰ্যটক যোৱাৰ পৰিকল্পনা কৰিছে লক্ষ্যদ্বীপলৈ। উল্লেখ্য যে, মোডীয়ে লক্ষ্যদ্বীপ ভ্ৰমণ কৰা ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰাৰ পাছতেই মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৰ দলৰ নেতাসকলে ভাৰতক লক্ষ্য কৰি বিভিন্ন মন্তব্য কৰিছে।তাৰ পাছতে এতিয়া বহু ভাৰতীয়ই মালদ্বীপৰ ভ্ৰমণ বাতিল কৰি লক্ষ্যদ্বীপলৈ যোৱাৰ পৰিকল্পনা কৰিছে।

এক্সৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে, "মই মোৰ জন্মদিনৰ বাবে মালদ্বীপলৈ যোৱাৰ পৰিকল্পনা কৰি আছিলো। ২ ফেব্ৰুৱাৰী আছিল সময়। ট্ৰেভেল এজেণ্টৰ সৈতেও চুক্তি কৰা হৈছিল। কিন্তু তৎক্ষণাৎ মালদ্বীপৰ উপমন্ত্ৰীৰ টুইটটো চোৱাৰ পিছত বাতিল কৰো।

আন এজনে লিখিছে- মই ৩ সপ্তাহৰ বাবে মালদ্বীপ যোৱাৰ পৰিকল্পনা কৰিছিলো। প্ৰায় ৫ লাখ টকাৰ বাবদ আছিল এই ভ্ৰমণ। কিন্তু এতিয়া বাতিল কৰিলো।

উল্লেখ্য যে, মোডীৰ পোষ্টৰ পাছতেই মালদ্বীপৰ মন্ত্ৰী আব্দুল্লা মোহজুম মাজিদে ছ'চিয়েল মিডিয়াত কৈছিল যে ''মালদ্বীপৰ পৰ্যটনক লক্ষ্য কৰি লোৱা বাবে ভাৰতৰ পৰ্যটনক ধন্যবাদ। কিন্তু ভাৰতে আমাৰ লগত পৰ্যটনৰ ক্ষেত্ৰত কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'ব। আমাৰ ৰিজৰ্ট আন্তঃগাঁথনি তেওঁলোকৰ সমগ্ৰ আন্তঃগাঁথনিতকৈ বেছি''।

অন্য এগৰাকী নেতাই লিখিছে যে- " ই এক ভাল পদক্ষেপ, কিন্তু আমাৰ সৈতে প্ৰতিযোগিতা কৰাটো এক ভ্ৰম। তেওঁলোকে আমাৰ দৰে সেৱা কেনেদৰে প্ৰদান কৰিব? কেনেকৈ পৰিষ্কাৰ থাকিব পাৰে? কোঠাবোৰৰ পৰা গোন্ধবোৰো ওলাই থাকিব''।

ইয়াৰ লগে লগে এক্স(টুইটাৰ)ত এতিয়া বয়কট মালদ্বীপৰ ট্ৰেণ্ড চলিছে। বহু ভাৰতীয়ই মালদ্বীপ ভ্ৰমণ বাতিল কৰিছে।

''মালদ্বীপ নহয়, লক্ষ্যদ্বীপলৈ যাম'' নেতাৰ পোষ্টৰ পাছতেই ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড- 'বয়কট মালদ্বীপ'
১১ জানুৱাৰীৰ পৰা “ আত্মনিৰ্ভৰ ধেমাজি'' শীৰ্ষক কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in